/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/agrani-batory.jpg)
ডিজিটেল সংবাদ , ধেমাজি: বিভিন্ন দাবীৰে শুকুৰবাৰে প্ৰতিবাদ সাৱ্যস্ত কৰে ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। অসমৰ বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষনা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰা ,বান সমস্যাৰ স্থায়ী সমাধান আৰু প্ৰতিৰোধৰ বাবে পৰ্যাপ্ত কেন্দ্ৰীয় পূঁজি আৰু কাৰিকৰী প্ৰযুক্তিৰ ব্যৱস্থা নিশ্চিত কৰা ,ভাৰত চৰকাৰ ,অসম চৰকাৰ আৰু ভূটান চৰকাৰৰ মাজত ত্ৰিপাক্ষিক আলোচনাৰ দ্বাৰা ভূটানৰ নদী বান্ধৰ পৰা কোনো আগতীয়া জাননী নিদিয়াকৈ পানী এৰি দিয়া বিষয়টোত হস্তক্ষেপ কৰি শীঘ্ৰে বাধা আৰোপ কৰা লগতে নদীবান্ধৰ পানী এৰি দিবলৈ বিকল্প পথৰ সন্ধানৰ ক্ষেত্ৰতো আলোচনা হ'ব লাগ বুলি দাবী জনাই সংগঠনটোৱে।
লগতে অৰুণাচল চৰকাৰ মেঘালয় চৰকাৰৰ লগত অসম চৰকাৰৰ মাজত দ্বিপাক্ষিক আলোচনাৰ দ্বাৰা অৰুণাচল আৰু মেঘালয় চৰকাৰে কোনো আগজাননী নিদিয়াকৈ যধে মধে নদীবান্ধৰ পানী এৰি দিব নোৱাৰে তাৰ বাবে চুক্তিৰ দ্বাৰা সমস্যা সমাধান কৰিব লাগে , বানপানীয়ে ছিঙি নিয়া আৰু ক্ষতিগ্ৰস্ত কৰা নদীৰ মথাউৰ সমূহ শীঘ্ৰেই মেৰামতিৰ ব্যৱস্থা কৰা , বানপানীৰ ফলত দুৰ্বল হৈ পৰা অথবা ম্যাদ উকলি যোৱা মথাউৰি সমূহৰ অংশ অতিশীঘ্ৰে পুনৰ নিৰ্মানৰ ব্যৱস্থা কৰা , অসম চৰকাৰৰ সাহায্য নিয়মাৱলী ১৯৭৬ অনুসৰি শেহতীয়া বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰিয়াল সমূহক অতিশীঘ্ৰেই বান সাহায্য আৰু পুনৰ সংস্হাপনৰ ব্যৱস্থা লোৱা, কৃষকসকলৰ বাবে বিনামূলীয়াকৈ সাৰ ,বীজ ,মাটি চহোৱাৰ কৃষি সঁজুলি প্ৰদানৰ ব্যৱস্থা কৰা , বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ছাত্ৰ-ছাত্ৰী সকলক কিতাপ বহী কিনাৰ বাবদ দুহেজাৰ টকাকৈ ক্ষতিপূন দিয়া ব্যৱস্হা কৰা , বানপানীৰ ফলত প্ৰভাৱিত হোৱা বিদ্যালয় – মহাবিদ্যালয়ৰ আন্তঃগাঁথনি পুনৰ নিৰ্মানৰ বাবে দহ লাখ টকাকৈ সাহাৰ্য প্ৰদানৰ ব্যৱস্থা কৰা , বানপানীৰ ফলত ক্ষতি হোৱা বাট -পথ ,দলং ,কালভাৰ্ট ,নামঘৰ , মন্দিৰ ,মছজিদ আৰু অন্যান্য ৰাজহুৱা প্ৰতিষ্ঠান সমূহ শীঘ্ৰেই মেৰামতিৰ ব্যৱস্থাকে ধৰি মুঠ এঘাৰটা সমস্যা সমাধানৰ দাবী জনাই সংগঠনটোৱে।
এই দাবী সমূহৰ ভিত্তিত ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি যুগল গগৈ , কাৰ্য্যকৰী সভাপতিদ্বয় নৱজ্যোতি সিং আৰু অভিজিৎ খনিকৰ , উপ- সভাপতি দয়ানন্দ গগৈ আৰু সাধাৰণ সম্পাদক দ্বয় মন্টু কাৰ্দ্দং আৰু অতনু চেতিয়াই স্বাক্ষৰিত এখনি স্মাৰকপত্ৰ শুকুবাৰে ধেমাজি জিলাৰ উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।
ইয়াৰ প্ৰতিলিপি ধেমাজি জিলাৰ উপায়ুক্তৰ লগতে জনস্বাস্থ্য কাৰিকৰী ,কৃষি আৰু শশুপালন উপৰিও জলসম্পদ বিভাগৰ মন্ত্ৰীলৈও প্ৰেৰন কৰে ৷
আৰু পঢ়ক : "মই মোৰ এজন মৰমৰ বন্ধুক হেৰুৱালো" জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ মৃত্যুত আৱেগিক চিঠি মোডীৰ…