বিতৰ্কিত প্ৰতিষ্ঠানৰ স্বয়ম্ভু চি এম ডি মেহদি আলম চৌধুৰীক আটক...

বিতৰ্কিত প্ৰতিষ্ঠানৰ স্বয়ম্ভু চি এম ডি মেহদি আলম চৌধুৰীক আটক...
বিতৰ্কিত প্ৰতিষ্ঠানৰ স্বয়ম্ভু চি এম ডি মেহদি আলম চৌধুৰীক আটক...

ডিজিটেল সংবাদ দুমুনিচকী: বিতৰ্কিত উদ্যোগিক প্ৰতিষ্ঠানৰ স্বয়ম্ভু চি এম ডি মেহদি আলম চৌধুৰীক আটক। বিভিন্ন বঞ্চিত কৰ্মচাৰীৰ অভিযোগ দাখিল।

সংবাদ মেল সম্বোধন কৰি অসমৰ কৃষিজাত সামগ্ৰীৰে মধ্যপ্ৰাচ্যৰ বজাৰ দখল কৰাৰ কথা কোৱা চি এম ডি মেহদি আলমে কিন্তু বৰ্তমান সময়তো কৰ্মচাৰীক দৰমহা আদায় দিবলৈ সক্ষম হোৱা নাই। ডুবাই, ৰিয়াধ, আৰৱ আদি কেইবাখনো মধ্য প্ৰাচ্যৰ দেশত অসমৰ কৃষিজাত সামগ্ৰী বিক্ৰী কৰি প্ৰায় ৬ মাহৰ ভিতৰত ৰাজ্যৰ নিবনুৱা সমস্যা দূৰ কৰিবল সংকল্প লোৱা এ বি এম নামৰ উদ্যোগিক প্ৰতিষ্ঠানটোত কৰ্মৰত এজনো কৰ্মচাৰীক দৰমহা আদায় দিবলৈ সক্ষম নোহোৱাত কৰ্মচাৰীৰ ৰোখত পৰিব লগীয়া হয় চি এম ডি মেহদি আলম।

যাৰ বাবে বিগত বৰ্ষত বাইহাটা চাৰিআলিৰ পৰা নিশাৰ ভিতৰতে কাৰ্যালয়টোৰ আচবাব লৈ পলায়ন কৰে এ বি এম কৰ্তৃপক্ষই। সহস্ৰাধিক কৰ্মচাৰীক দৰমহাৰ পৰা বঞ্চিত কৰি বাইহাটা চাৰিআলিৰ পৰা নিশাৰ ভিতৰতে পলায়ন কৰা এ বি এম উদ্যোগিক প্ৰতিষ্ঠানৰ স্বয়ম্ভু হোতা মেহদি আলমে এইবাৰ দৰং জিলাৰ মাৰৈত এটা কাৰ্যালয় স্থাপন কৰি প্ৰৱঞ্চনাৰ জাল পাতিছে।

যোৱা ২১ এপ্ৰিল তাৰিখে ইন্তাজুল নামৰ কৰ্মচাৰী জনক দৰমহাৰ টকা দিম বুলি ঘৰলৈ মাতি নি দুৱাৰ বন্ধ কৰি লৈ উপৰ্যুপৰি প্ৰহাৰ কৰে স্বয়ম্ভু চি এম ডি মেহদি আলমে ।ঈদ উপলক্ষে কৰ্মচাৰীজনক টকাৰ প্ৰয়োজন হোৱাত চি এম ডি মেহদি আলমক অৱগত কৰে।

মেহদি আলমে কোম্পানীৰ একাউণ্টৰ এখন চেক প্ৰদান কৰে যদিও একাউণ্টত পৰ্যাপ্ত ধন নথকাত কৰ্মচাৰীজনে বিষয় সন্দৰ্ভত এ বি এমৰ স্বয়ম্ভু হোতা মেহদি আলমক অৱগত কৰে।

ফলত বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত মান্দাকতা নিবাসী ইন্তাজুল নামৰ কৰ্মচাৰীজনক দৰমহা আনিবলৈ মেহদি আলমৰ ঘৰলৈকে মাতি নিয়ে। কিন্তু ঈদৰ প্ৰাকক্ষণত কৰ্মচাৰীজনক দৰমহা আদায় দিয়া দূৰৰে কথা ওলোটাই কোম্পানীৰ চি এম ডি মেহদি আলমে কৰ্মচাৰী জনক উপৰ্যুপৰি প্ৰহাৰ কৰে।

ইয়াৰ পূৰ্বেও কৰ্মচাৰীয়ে দৰমহা বিচাৰিলে বিভিন্ন অজুহাত উলিয়াই কৰ্মচাৰীক দৰমহা আদায় দিয়াৰ পৰা বিৰত আছে। ভুক্তভোগী যুৱকজনে বাইহাটা চাৰিআলি থানাত মেহদি আলমৰ বিৰূদ্ধে এখন এজাহাৰ দাখিল কৰে।

ইয়াৰ উপৰিও প্ৰৱঞ্চক চি এম ডি মেহদি আলম চৌধুৰীৰ বিৰুদ্ধে বাইহাটা চাৰিআলি আৰক্ষী থানাত পূৰ্বৰে পৰা বিভিন্ন অভিযোগ দাখিল হৈ আছে।

বিতৰ্কিত প্ৰতিষ্ঠানৰ স্বয়ম্ভু চি এম ডি মেহদি আলম চৌধুৰীক আটক...
অসমীয়া ভাষালৈ আগবঢ়োৱা অৱদানৰ বাবে জয়ন্ত বৰুৱাক বিভিন্ন দল, সংগঠনৰ সম্বৰ্ধনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in