মেঘালয়ৰ সতৰ্কবাণী, এৰিব পানী…

মেঘালয়ৰ সতৰ্কবাণী, এৰিব পানী…

author-image
asomiyapratidin
New Update
মেঘালয়ৰ সতৰ্কবাণী, এৰিব পানী…

ডিজিটেল ডেস্কঃ ৰাজ্যৰ বান পৰিস্থিতিয়ে জিটল ৰূপ ধাৰণ কৰাৰ সময়তে আহিছে আন এক বেয়া খবৰ। মেঘালয় চৰকাৰে জাৰি কৰা এক সতৰ্কবাণীয়ে মেঘালয়ৰ দাঁতি কাষৰীয়া কামৰূপ, কামৰূপ গ্ৰাম্য জিলাৰ ছয়গাওঁ, ৰামপুৰ, নহিৰা, জিয়াকুৰ, কুকুৰমাৰা বকো আদি অঞ্চলৰ ৰাইজক সতৰ্ক কৰি দিয়া হৈছে।

Advertisment

কিয়নো যিকোনো মহূৰ্ততে মেঘালেয় এৰি দিব পানী। মেঘালয়ৰ উমিয়াম লেকত বৃদ্ধি পাইছে জলস্তৰ। মেঘালয়ত যোৱা দিন কেইটাত প্ৰৱল বৃষ্টিপাত হোৱাৰ বাবে উমিয়াম লেকত পানী বহু বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ পানী এৰিবলৈ মেঘালয় চৰকাৰ বাধ্য হৈছে বুলি প্ৰকাশ কৰিছে।

সেয়েহে মেঘালয়ে সতৰ্কবাণী জাৰি কৰিছ। ইফালে অসমতো যোৱা দিন কেইটাত প্ৰৱল বৃষ্টিপাত হোৱাত অসমৰ নদ, নদীসমূহো পানীৰে উপচি পৰিছে আৰু বাঢ়নী পানীয়ে ন ন অঞ্চল প্লাৱিত কৰিছে। এনে পৰিস্থিতিত মেঘালয়ে যদি পানী এৰি দিয়ে তেন্তে দাঁতি কাষৰীয়া এই অঞ্চলসমূহৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাৰ সম্ভাৱনাই দেখা দিছে।

ক্লিক কৰি পঢ়কঃ বৰপেটা সত্ৰকো বুৰালে বানে ! অবৰ্নণীয় পৰিস্থিতি…