বৰপেটা সত্ৰকো বুৰালে বানে ! অবৰ্নণীয় পৰিস্থিতি…

বৰপেটা সত্ৰকো বুৰালে বানে ! অবৰ্নণীয়  পৰিস্থিতি…

ডিজিটেল সংবাদ বৰপেটাঃ বৰপেটাত অবৰ্ণনীয় হৈ পৰিছে বান পৰিস্থিতি ৷ শুকুৰবাৰে নিশাৰ ভাগতে বৰপেটা চহৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চল সমূহ জলমগ্ন হৈ পৰে ৷ বৰপেটা চহৰৰ সমীপৱৰ্তী সুন্দৰীদিয়া , বাৰাদি , কেওঁটকুছি আদিকে ধৰি কেবাখনো গাঁও নিশাৰ ভিতৰতে প্লাবিত হৈ পৰে ৷ গাঁও সমূহৰ বহু মানুহৰ ঘৰত পানী প্ৰবেশ কৰাত বানাক্ৰান্ত লোকসকলে আজি পুৱাৰে পৰা নিৰাপদ আশ্ৰয়ৰ সন্ধান বিচাৰি ফুৰা দেখা গৈছে ৷

বহুলোকে স্থানীয় এলেকাত থকা স্কুলঘৰ আদিত আশ্ৰয় গ্ৰহণ কৰে ৷ ইপিনে বৰপেটা চহৰৰ মাজেৰে বৈ যোৱা হাৰিজান সুঁতিৰ বাঢ়নী পানী প্ৰবেশ কৰি চহৰৰ বিভিন্ন এলেকা বুৰাই পেলায় ৷ চহৰখনৰ বিভিন্ন এলেকাৰ লগতে ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰও আজি পুৱাৰ ভাগত জলমগ্ন হৈ পৰে ৷ সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ স্বৰূপ বৰপেটা সত্ৰৰ মঠৰ চোতালত একাঁঠু পৰ্যন্ত পানী হয় ৷

হাৰিজানৰ পানীয়ে প্লাবিত কৰে সত্ৰখন ৷ পানী সোমোৱাৰ লগে লগে ততাতৈয়াকৈ স্থানান্তৰ কৰা হয় মঠৰ ভিতৰত থকা সেৱাৰ সামগ্ৰীসমূহ ৷ গায়ন-বায়ন সহিতে মঠৰ ভিতৰত থকা সেৱাৰ সামগ্ৰীসমূহ স্থানান্তৰ কৰা হয় কীৰ্তন ঘৰৰ ভিতৰত থকা গুৰু আসনৰ সন্মুখলৈ ৷

আগন্তুক কিছুদিনলৈ বৰপেটা সত্ৰ দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকিব বুলি সত্ৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিছে ৷ ইপিনে , আজি পুৱাৰে পৰা বৰপেটা দৌলাশাল গুৱাহাটী পথটোৰ কেওঁটকুছি আৰু বাৰাদি অংশত সম্পূৰ্ণৰূপে বুৰাই পেলোৱাৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে যাতায়ত কৰা লোকসকল ৷

বাৰাদি আৰু কেওঁটকুছিৰ মাজৰ অংশত পথটোৰ ওপৰেৰে তীব্ৰস্ৰোতত পানী বাগৰি যোৱাৰ ফলত পথটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে ৷ কেওঁটকুছিৰ পৰা পাটবাউসীলৈ যোৱা পথটোৰ ওপৰেৰে পানী বাগৰি যোৱাৰ ফলত পথটোৰে যাতায়ত ব্যৱস্থা ব্যহত হৈ পৰিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in