গ্ৰাহকক ৰামঠগন মেঘালয়ৰ পেট্ৰ'ল পাম্পৰ

গ্ৰাহকক ৰামঠগন মেঘালয়ৰ পেট্ৰ'ল পাম্পৰ

author-image
Asomiya Pratidin
New Update
গ্ৰাহকক ৰামঠগন মেঘালয়ৰ পেট্ৰ'ল পাম্পৰ

গ্ৰাহকক ঠগিছে মেঘালয়ৰ পেট্ৰ'ল পাম্পে

ডিজিটেল সংবাদ,দক্ষিণ শালমাৰা : হাটশিঙিমাৰীৰ অসম-মেঘালয় সীমান্তৱৰ্তী এলেকাত থকা মেঘালয়ৰ পাৰ্ফেক্ট ফিউল চেণ্টাৰ নামৰ পেট্ৰ'ল পাম্পত প্ৰতিদিনে পেট্ৰ'ল-ডিজেল বিক্ৰীৰ নামত গ্ৰাহকক ঠগি অহাৰ তথ্য পোহৰলৈ আহিছে। সোমবাৰে সন্ধিয়া প্ৰায় ৮-০০ বজাত মানকাচৰৰ এগৰাকী গ্ৰাহকে পেট্ৰ'ল পাম্পটোৰ পৰা বটল এটা লৈ দুই লিটাৰ পেট্ৰল ক্ৰয় কৰে।

Advertisment

বটলত পেট্ৰ'লৰ পৰিমান কম হোৱাত পাম্পৰ কৰ্মচাৰীক অৱগত কৰে যদিও পাম্পটো মেঘালয়ত হোৱাৰ সুযোগ লৈ গ্ৰাহকজনক হুমকি দিবলৈ আৰম্ভ কৰে। ঘটনাক লৈ পাম্পটোত সন্ধিয়া এক হুলস্থলীয়া পৰিবেশৰ সৃষ্টি হয়।

একাংশ গ্ৰাহকে পেট্ৰ'লখিনি পুনৰ মাপ-জোখ কৰিবলৈ কোৱাত গ্ৰাহকজনে ক্ৰয় কৰা ২ লিটাৰ পেট্ৰ'লত প্ৰায় তিনিশ মিলি লিটাৰ পেট্ৰ'ল কমকৈ পোৱা যায়। ঘটনাস্থলীত সাংবাদিক আহিব বুলি খবৰ পাই পাম্পটোৰকৰ্মচাৰীয়ে ভুল হোৱা বুলি স্বীকাৰ কৰে।

লক্ষণীয় যে, হাটশিঙিমাৰীত পেট্ৰ'ল পাম্প নথকাৰ ফলত হাটশিঙিমাৰী, মানকাচৰৰ গ্ৰাহকসকলে প্ৰতিদিনে অসম-মেঘালয় সীমান্তৱৰ্তী এলেকাত থকা মেঘালয়ৰ পাম্পৰ পৰা ইন্ধন ক্ৰয় কৰিব লাগে। এই সুযোগ লৈ পাম্পসমূহে দীৰ্ঘদিনে গ্ৰাহকক কমকৈ পেট্ৰ'ল দি মুনাফা লাভ কৰি আহিছে। এনে পাম্পৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহন কৰিবলৈ সচেতন গ্ৰাহকে দাবী জনাইছে।

Also Read: কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক স্মাৰক পত্ৰ প্ৰদান হাওৰাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ

mancachar meghalaya petrol pump