/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/dangor-khobr-3.jpg)
ডিজিটেল ডেস্ক: মেঘালয়ত মানকাচৰৰ তিনি গৰু চোৰক গণ প্ৰহাৰ। গণ প্ৰহাৰত আহত তিনি গৰু চোৰ। আহত চোৰ কেইটা ক্ৰমে আই হুছেইন, ময়জাল হক আৰু জিল হক।
ঘটনাৰ বিৱৰণী অনুসৰি ৮ জনীয়া গৰু চোৰৰ দল এটা মানকাচৰৰ পৰা মেঘালয়ত গৈছিল গৰু চুৰি কৰিবলৈ। দামালগিৰি থানা এলেকাৰ বলংগিৰিত সংঘটিত হৈছে এই ঘটনা।
গণ প্ৰহাৰত প্ৰথমে মৃত্যু হোৱা বুলি খবৰ আহিছিল কিন্তু তেওঁলোকক আৰক্ষীয়ে সংকটজনক অৱস্থাত উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে।
বৰ্তমান চিকিৎসাধীন হৈ আছে গণপ্ৰহাৰৰ বলি হোৱা আটাইকেইজন। ঘটনাৰ লগত জড়িত আন এটা চোৰক মানকাচৰৰ কালাপানী আৰক্ষীয়ে আটক কৰিছে।
আটক কৰা চোৰটোৰ নাম জাকিৰ হুছেইন। ট্ৰাক এখন লৈ ৮ জনীয়া দল মেঘালয়ত চুৰি কৰিবলৈ গৈছিল। আহত তিনি জন মেঘালয় আৰক্ষীয়ে আটক কৰিছে লগতে জব্দ কৰিছে ট্ৰাক খন ।
এজন লোকৰ ঘৰৰ পৰা তিনিটা গৰু চুৰি হোৱাৰ পাছত লোকজনে গাঁৱবাসী আৰু আৰক্ষীক অৱগত কৰে। ইয়াৰ পাছত গাঁৱবাসী ওলাই আহি চোৰ কেইটাক আটক কৰি গণ প্ৰহাৰ কৰে ।কিছু সময় পাছতে আৰক্ষী আহি তেওঁলোকক উদ্ধাৰ কৰি হাস্পাতালত ভৰ্তি কৰে।
আৰু পঢ়ক: আহাৰৰ ভৰণ পথাৰত কৃষকৰ জীৱন চৰ্চা…