মেঘালয়ত ভূমিস্খলন, মাটিৰ তলত সোমাই পৰিলে ট্ৰাক, আৱদ্ধ শ শ বাহন…

মেঘালয়ত ভূমিস্খলন, মাটিৰ তলত সোমাই পৰিলে ট্ৰাক, আৱদ্ধ শ শ বাহন…

author-image
asomiyapratidin
New Update
মেঘালয়ত ভূমিস্খলন, মাটিৰ তলত সোমাই পৰিলে ট্ৰাক, আৱদ্ধ শ শ বাহন…

ডিজিটেল ডেস্ক – বৰাক সংযোগী ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মেঘালয়ত ভূমিস্খলনৰ ঘটনা ৷ ক্ৰমাত ভয়াৱহ ভাৱে ভূমিস্খলন হৈছে পথটোৰ কেইবাটাও স্থানত ৷ নিশা ৰাষ্ট্ৰীয় ঘাইপথৰ সোনাপুৰ আৰু লুমছুলুমত পুনৰ ভয়াৱহ ভূমিস্খলন হৈছে ৷

Advertisment

ভূমিস্খলনত পথটোৰ বৃহৎ অংশ ছিঙি গৈছে ৷কেইবাখনো বাহন ভূমিস্খলনৰ কবলত পৰিছে ৷ ভূমিস্খলনৰ ফলত কেইবা ফুট তলত আৱদ্ধ হৈছে কেইবাখনো বিলাসী বাহন সহ ট্ৰাকো ৷ কথামাপি প্ৰাণ ৰক্ষা হৈছে বহু লোকৰ ৷ লুমছুলুমত সংগঠিত হৈছে ঘটনাটো ৷

পথত ৰখাই থোৱা অৱস্থাত হঠাৎ পথটোত ভূমিস্খলনৰ ফলত বাহনসমুহ তলত সোমাই পৰিছে ৷বুধবাৰৰ পৰা পথটোত যান চলাচল বন্ধ হৈ পৰিছে ৷ কালি সোনাপুৰ ,লুমছুলুম আৰ থানছেনবস্তিৰ কেইবাটাও স্থানত ভূমিস্খলনৰ ফলত যান- বাহন চলাচল বন্ধ হৈ পৰিছিল ৷

বুধবাৰে নিশা নতুনকৈ আৰু কেইবাটাও স্থানত ভূমিস্খলন হৈছে ৷একাধিক ঠাইত ভূমিস্খলনে ভয়াৱহ ৰূপ লোৱাত অনিৰ্দিষ্টকালৰ কাৰণে বন্ধ হৈ পৰিল যান-বাহন চলাচল ৷ ফলত আন আন ঠাইৰ সৈতে স্থল পথ বিচ্ছিন্ন হ'ল বৰাক, ত্ৰিপুৰা ,মিজোৰাম আৰু মনিপুৰ ৷

আৰু পঢ়ক: মহানগৰীত পুনৰ ভূমিস্খলনৰ ঘটনা

assam Silchar meghalaya landslide