ফলাফল পায়েই উচুপি উঠিল মেঘাশ্ৰী, মনত পেলালে প্ৰয়াত পিতৃক

ফলাফল পায়েই উচুপি উঠিল মেঘাশ্ৰী, মনত পেলালে প্ৰয়াত পিতৃক

author-image
asomiyapratidin
New Update
ফলাফল পায়েই উচুপি উঠিল মেঘাশ্ৰী, মনত পেলালে প্ৰয়াত পিতৃক

ডিজিটেল ডেস্কঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পিছতেই নাৰায়ণপুৰত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। নাৰায়ণপুৰৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী মেঘাশ্ৰী বৰাই অসমৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰিছে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত। সেই সুখবৰৰ মাজতে ফলাফল লাভৰ পাছতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিলে মেঘাশ্ৰীৰ বাসগৃহত।

ছাত্ৰীগৰাকীৰ এই সফলতাৰ খবৰ লাভ কৰি যথেষ্ট সংখ্যক লোকে ভিৰ কৰিছে তেওঁৰ বাসগৃহত। অভিনন্দন গ্ৰহণ কৰিয়েই উচুপি উঠিছিল মেঘাশ্ৰী আৰু তেওঁৰ মাতৃ। হাতত পিতৃৰ ফটো লৈ প্ৰয়াত পিতৃক স্মৰণ কৰিছিল মাতৃ-কন্যাই। উল্লেখযোগ্য যে, মেঘাশ্ৰীৰ এনে ফলাফলৰ আশা কৰিছিল পিতৃয়ে। কিন্তু কন্যাই সেই আশা পূৰণ কৰিলে যদিও সেই সুখ চাই যাব নোৱাৰিলে পিতৃয়ে।

মেঘাশ্ৰীৰ পিতৃৰ নাম স্বৰ্গীয় গকুল বৰা। ২০১৮ বৰ্ষত মৃত্যু হৈছিল মেঘাশ্ৰীৰ পিতৃৰ। সেনা বাহিনীৰ চিকিৎসা বিভাগত কৰ্মৰত আছিল মেঘাশ্ৰীৰ পিতৃ। ২ কন্যাৰ সৈতে মাতৃয়ে চলাইছে সংসাৰ। মেঘাশ্ৰীৰ জ্যেষ্ঠ ভগ্নী দৰং মহাবিদ্যালয়ৰ ছাত্ৰী। মাতৃ বন্তি বৰা নাওবৈছা জুনিয়ৰ কলেজত কৰ্মৰত। জ্যেষ্ঠ ভগ্নীৰ সৈতেই মেঘাশ্ৰীয়েও নামভৰ্তি কৰিব দৰং মহাবিদ্যালয়ত। ভৱিষ্যতে এগৰাকী সুচিকিৎসক হোৱাৰ লক্ষ্য মেঘাশ্ৰীৰ।