বৰদোৱা শৈলীৰ ভাওনা প্ৰচাৰ-প্ৰসাৰৰ বাবে বিশেষ পদক্ষেপ

মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ অমৰ সৃষ্টি ভাওনাক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে লোৱা হৈছে বিশেষ পদক্ষেপ...

author-image
Asomiya Pratidin
New Update
বৰদোৱা শৈলীৰ ভাওনা প্ৰচাৰ-প্ৰসাৰৰ বাবে বিশেষ পদক্ষেপ

ডিজিটেল সংবাদ,নগাঁও: মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ অমৰ সৃষ্টি ভাওনাক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে লোৱা হৈছে বিশেষ পদক্ষেপ ৷ বিশেষকৈ মহাপুৰুষজনাৰ জন্মভূমি বৰদোৱাৰ শৈলীৰ ভাওনাক চৰ্চা কৰি প্ৰচাৰ,প্ৰসাৰৰ ব্যৱস্হা কৰা হৈছে ৷ বৰদোৱাৰ নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ দেব গোস্বামীৰ বিশেষ উদ্যোগত বৰদোৱা থানৰ বৰ্তমানৰ সম্পাদক আৰু প্ৰাক্তন সম্পাদক সকলক লৈ এই পদক্ষেপ হাতত লোৱা হৈছে ৷

Advertisment

ইয়াৰ অংশ হিচাপে মহাপুৰুষজনাৰ অমৰ সৃষ্টি গীত,মাত,নৃত্য,অভিনয়ৰে সমৃদ্ধ “ ৰুক্মিণী হৰণ “ নাট খনি হাতত লৈ বুধবাৰে নাট মেলা অনুষ্ঠানটি শুভাৰম্ভ কৰা হয় ৷ শ্ৰীমন্ত শংকৰ দেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত বুধবাৰে আনুষ্ঠানিক ভাবে ৰুক্মিণী হৰণ নাটখনিৰ আখৰাৰ শুভাৰম্ভ কৰা হয় ৷ আঙ্গিকে উদ্যোগ লোৱা আৰু নগাঁও আৰক্ষী অধীক্ষক লীনা দলেয়ে বিশেষ সহযোগ আগবঢ়াইছে এই অনুষ্ঠানটিৰ বাবে ৷

বুধবাৰে ৰুক্মিণী হৰণ নাট খনিৰ নাট মেলা অনুষ্ঠানটিত সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামী , আৰক্ষী অধীক্ষক লীনা দলে , বটদ্ৰবা থান পৰিচালনা সমিতিৰ সম্পাদক অৰূপ শইকীয়া , ইন্দ্ৰ মোহন বৰুৱা , বিশিষ্ট নাট্যকাৰ-অভিনেতা দীপক বৰা আদি উপস্হিত থাকে ৷ বৰদোৱা শৈলীৰে পৰিবেশন হব লগা ৰুক্মিণী হৰণ নাট খনি প্ৰথমে নগাঁৱত , পিছত ক্ৰমে গুৱাহাটী,নতুন দিল্লীত পৰিবেশন কৰাৰ পৰিকল্পনা কৰা হৈছে ৷

assam NOGAON