প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ নিযুক্তিৰ পৰা বাদ পৰা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ গুৰুত্বপূৰ্ণ সভা...

৩০ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব ৫৪১ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ গুৰুত্বপূৰ্ণ সভা

author-image
Asomiya Pratidin
New Update
প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ নিযুক্তিৰ পৰা বাদ পৰা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ গুৰুত্বপূৰ্ণ সভা...

ডিজিটেল সংবাদ, বটদ্ৰৱা : সদৌ অসমৰ নতুনকৈ প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ নিযুক্তিৰ পৰা বাদ পৰা ৫৪১ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলৰ এখনি গুৰুত্বপূৰ্ণ সভা অহা ৩০ ছেপ্টেম্বৰত গুৱাহাটী গনেশগুৰি লা-চান চিঠি বিবাহ ভৱনত অনুষ্ঠিত হব । গনেশগুৰি উৰনীয়া সেতুৰ কাষতে থকা উক্ত বিবাহ ভৱনত নিযুক্তিৰ পৰা বাদ পৰা ৫৪১ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক উপস্থিত থাকিবলৈ মধ্য ইংৰাজী বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ সম্পাদক মহিদুল কবিৰে আহ্বান জনাইছে ।

Advertisment

উল্লেখ্য যে, বিভিন্ন কাৰণত নিযুক্তিৰ পৰা বাদ পৰা ৫৪১ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আগন্তুক দিনত কেনেকৈ নিযুক্তি কৰা হব সেই সম্পৰ্কে আলোচনাৰ বাবে সম্পাদক মহিদুল কবিৰে সকলোকে উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনোৱাৰ লগতে যোগাযোগৰ বাবে ৬০০৩৪৬০৬১২ নম্বৰত ফোন কৰিবলৈ আহ্বান জনাইছে ।

assam education department of assam