জাতীয় ৰেচম সভা,অসমৰ লখিমপুৰ জিলা সমিতি গঠন

ৰেচম শিল্প উজ্জীৱিতকৰণৰ প্ৰয়াস
ৰেচম শিল্প উজ্জীৱিতকৰণৰ প্ৰয়াস জাতীয় ৰেচম সভাৰ
ৰেচম শিল্প উজ্জীৱিতকৰণৰ প্ৰয়াস জাতীয় ৰেচম সভাৰ

ডিজিটেল সংবাদ, ঢকুৱাখনা: বৰমুগাৰ প্ৰাণ প্ৰাচুৰ্য ক্ষেত্ৰ বৃহত্তৰ ঢকুৱাখনাৰ চহা ৰেচম পালক সকলক সু সংগঠিত কৰি অসমীয়া জাতিৰ স্বকীয় সম্পদ বৰমুগা শিল্পক অধিক উজ্জীৱিত কৰাৰ মানসেৰে বুধবাৰে ঢকুৱাখনাত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয় । মহকুমাটোৰ উপান্ত ৰেচম পালক সকলৰ অংশগ্ৰহনেৰে এই গুৰুত্বপূৰ্ণ সভাখন অনুষ্ঠিত হয় জামুগুৰি ৰাজহুৱা ভৱন প্ৰাংগণত । গ্ৰাম্য অৰ্থনীতি সবলীকৰণত গঞা চহা ৰেচম পৰিয়াল সমূহে পৰম্পৰাগত ভাবে নিজস্ব প্ৰচেষ্টা আৰু পুঁজিৰে আগবঢ়াই অহা ৰেচম বিপ্লৱৰ একনিষ্ঠ শ্ৰমজীৱী সৈনিক সকলক একেখন মঞ্চত সম্পৃক্ত কৰা আৰু পৰম্পৰাগত ৰেচম খেতিলৈ নামি অহা ভয়ংকৰ প্ৰত্যাহ্বান সমুহ দূৰীকৰণৰ পন্থা গ্ৰহণৰ লক্ষ্যৰে অনুষ্ঠিত এইখন সভাত সভাপতিত্ব কৰে বিশিষ্ট ৰেচম পালক অমিয় বৰুৱাই ।

জাতীয় ৰেচম সভা অসমৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা বিশিষ্ট ৰেচম গৱেষক জিতুল শইকীয়া, সাধাৰণ সম্পাদক ডঃ লব কৃষ্ণ ৰাজখোৱা, সদস্য দিলীপ কোঁচ আদি গৰিষ্ঠ সংখ্যক ৰেচম পালক উপস্থিত থকা সভাত সাম্প্ৰতিক সময়ত অসমীয়া সভ্যতা সংস্কৃতিৰ মূল স্তম্ভ স্বৰূপ এই ৰেচম শিল্পলৈ নামি অহা মানৱ সৃষ্ট ভয়ংকৰ প্ৰত্যাহ্বান সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয় । নিষিদ্ধ বিষাক্ত কীটনাশকৰ নিৰ্বিচাৰ প্ৰয়োগ, পৰিবেশ প্ৰদূষণ, চৰকাৰী পৃষ্ঠ পোষকতাত ৰেচম শিল্পৰ উৎকৰ্ষ সাধনৰ নামত আঁচনি প্ৰস্তুত কৰি সংঘটিত কৰা দুৰ্নীতি অনিয়ম সন্দৰ্ভত সভাত আলোচনা কৰি কেৱল ৰেচম পালকৰ নিজস্ব প্ৰয়াসৰ বাবেহে জীয়াই থকা এই ৰেচম শিল্পৰ প্ৰণালীবদ্ধ উত্তৰণ, উৎপাদন আৰু বাণিজ্যিকীকৰণ সন্দৰ্ভত কেন্দ্ৰীয় সমিতিৰ নেতৃত্বই বক্তব্য আগবঢ়াই ।

সভাতেই সোণালী সূতাৰ উৰ্বৰ ভূমি ঢকুৱাখনাৰ পৰাই ৰাজ্যৰ ৰেচম পালক সকলক একত্ৰিত কৰিবলৈ গঠন কৰা জাতীয় ৰেচম সভা, অসমৰ জিলা শাখা গঠন প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰা হয় । সেই অনুক্ৰমে ৰেচম পালক অমিয় বৰুৱাক সভাপতি ,উমা গগৈক উপ সভাপতি, ৰঞ্জিত গগৈক সম্পাদক, সুনীল শইকীয়া, হোমেন গোহাঁইক সহকাৰী সম্পাদক হিচাবে লৈ ২১ জনীয়া লখিমপুৰ জিলা সমিতিখন গঠন কৰা হয় । সভাত ৰেচম শিল্পৰ প্ৰাচুৰ্য ক্ষেত্ৰ ঢকুৱাখনাৰ ৰেচম পালক সকলৰ প্ৰয়োজনীয়তা আৰু উপযোগিতালৈ লক্ষ্য ৰাখি চৰকাৰী পতিত ভূমিত ৰেচম বাগান স্থাপন কৰা, ৰেচম শিল্পৰ উন্নয়নৰ নামত আবন্তিত চৰকাৰী পুঁজিৰ  বিপৰীতে সংঘটিত সীমাহীন দুৰ্নীতি অনিয়ম ৰোধ কৰি প্ৰকৃত ৰেচম পালকক উপকৃতকৰণ কৰি ৰেচম উৎপাদন বৃদ্ধিৰ পৰিকল্পনা গ্ৰহণৰ বাবে চৰকাৰ বিভাগক দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in