/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-05/sogjbk5g/20.jpg)
ডিজিটেল সংবাদ,বিহালীঃ মঙলবাৰে বিহালীত কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। পদযাত্ৰা কৰি বিহালী ৰাইজৰ মাজত প্ৰচাৰ চলাই কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। পদযাত্ৰাৰ সময়ছোৱাত সংবাদ মাধ্যমৰ আগত কেইবাটাও মন্তব্য কৰে কংগ্ৰেছ নেত্ৰী বৰঠাকুৰে।
শাসকীয় চৰকাৰক তুলাধূনা দি তেওঁ কয় যে, "তুলিৰাম ৰংহাঙক হিমন্ত বিশ্ব শৰ্মাই ইয়াত পঠিয়াই দিছে। তেওঁ এনেকুৱা এজন মানুহক পঠাইছে বিহালীত যিয়ে বিহালীক অসন্মান কৰিছে। তুলিৰাম ৰংহাঙ যি কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ উন্নয়নৰ ধন গো-গ্ৰাসে খাই শেষ কৰিছে।
ইয়াৰোপৰি মীৰা বৰঠাকুৰে ৰাইজক ওলাই আহি কংগ্ৰেছক সমৰ্থন কৰিবলৈ আহ্বান জনায়। লগতে চৰকাৰৰ শেহতীয়া পদক্ষেপ ভাষা গৌৰৱ সপ্তাহ সন্দৰ্ভত সমালোচনা কৰে বৰঠাকুৰে। তেওঁ কয়, চৰকাৰে ভাষা গৌৰৱ সপ্তাহ পাতিছে, কিন্তু চাৰ্কোলাৰ ইংৰাজীত দিছে । অসমীয়া মানুহে অস্তিত্বৰ লগত, সংস্কৃতিৰ লগত ভাষাৰ লগত কেতিয়াও কম্প্ৰ'মাইজ হ'ব নিদিয়ে ।
মীৰা বৰঠাকুৰে ৰঞ্জিত দত্তকো উদ্দেশিও তীব্ৰ বাক্যবাণ এৰে। তেওঁ কয়, ৰঞ্জিত দত্ত তেতিয়া ভাল আছিল, এতিয়া বিজতৰীয়া পাৰ্টি হৈ গ'ল, এতিয়া এইটো পেকেজ পাৰ্টি ।ৰঞ্জিত দত্ত সেই ৰঞ্জিত দত্ত হৈ থকা নাই, তুলিৰামৰ পাৰ্টনাৰ হে ! তুলিৰামে পইচা বিলাব আহিছে , ৰঞ্জিত দত্তই ৰাতি শ্লীপ দিব, তুলিৰামে গৈ বিলাব।
মীৰা বৰঠাকুৰে বিধায়ক পদ্ম হাজৰিকাক উদ্দেশ্যি কয় যে, পদ্ম হাজৰিকাই গুণ্ডা ৰাজনীতি কৰিব নালাগে। ৰাইজে গুণ্ডা পোহা নাই, ৰাইজে মগেম্ব' বিচাৰা নাই । আমাক এয়াৰগান লৈ থকা মগেম্ব' নালাগে, জন কল্যাণৰ বাবে বিধায়ক লাগে ।
Also Read: ঢকুৱাখনাত নিচাযুক্ত দ্ৰব্যসহ এজনক আটক