/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/media.jpg)
ডিজিটেল ডেস্ক: 'অসমীয়া প্ৰতিদিন' ৰ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ সাংবাদিক চৈয়দ ৰবিউল হকলৈ ইউনিচেফ,অসম আৰু কটন বিশ্ববিদ্যালয়ে মিডিয়া ফেল'শ্বিপ আগবঢ়াইছে।'অসমৰ শিশু (৫-২৩ মাহ) আৰু কিশোৰ-কিশোৰীক পুষ্টিহীনতাই প্ৰভাৱিত কৰিছে' শীৰ্ষক বিয়ষবস্তুৰ ওপৰত তেওঁলৈ উক্ত ফেল'শ্বিপ আগবঢ়োৱা হৈছে।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও সাংবাদিক গৰাকীয়ে ২০১৪ চনত নন্দ তালুকদাৰ ফাউণ্ডেচন আৰু এজেন্সি ফৰ টেকনিকেল কো-অপাৰেচন এণ্ড ডেভেলপমেণ্ট চমুকৈ এ আই টি ই ডিৰ পৰা সাংবাদিকতা ফেল'শ্বিপ লাভ কৰিছিল।আনকি ২০১৮ চনত পুষ্টিহীনতা দূৰীকৰণ,শিশুৰ অধিকাৰ,সুস্থ মাতৃ সন্দৰ্ভত বাতৰি কাকতত প্ৰতিবেদন প্ৰকাশৰ জৰিয়তে সচেতনতা সৃষ্টি কৰাৰ প্ৰয়াসৰ বাবে ইউনিছেফ,অসমে সাংবাদিক চৈয়দ ৰবিউল হকলৈ 'উৎকৃষ্ট সাংবাদিক মিডিয়া ফেল'শ্বিপ ২০১৮' আগবঢ়াইছিল।
সাংবাদিক হকে ইতিমধ্যে ভাৰতৰ বিভিন্ন ৰাজ্যত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ-কৰ্মশালাত আমন্ত্ৰণৰ্মমে পুষ্টিহীনতা আৰু শিশুৰ ওপৰত হোৱা হিংসা সন্দৰ্ভত কেইবাখনো গৱেষণা পত্ৰ পাঠ কৰিছে।জানিব পৰামতে এইবেলি ইউনিচেফ,অসম আৰু কটন বিশ্ববিদ্যালয়ে 'অসমৰ শিশু (৫-২৩ মাহ) আৰু কিশোৰ-কিশোৰীক পুষ্টিহীনতাই প্ৰভাৱিত কৰিছে' আৰু 'শিশুৰ ওপৰত হোৱা হিংসাৰ অন্ত পৰক' শীৰ্ষক বিষয়বস্তু দুটাৰ ওপৰত মুঠ ১০ গৰাকী সাংবাদিকলৈ এই মিডিয়া ফেল'শ্বিপ আগবঢ়াইছে।সাংবাদিক হকৰ এই সাফল্যত জিলাখনৰ বিভিন্ন দল-সংগঠণকে ধৰি সংস্থা-ব্যক্তিয়ে শুভেচ্ছা জনাইছে।গোৱালপাৰা জিলা বাৰ্তাজীৱী সংঘইও শুভেচ্ছা জনাইছে।
আৰু পঢ়ক: মাজুলীৰ পৰা বগীবিললৈ ব্ৰহ্মপুত্ৰৰ মথাউৰী হ'ব পকী পথ …
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us