উপৰি পুৰুষক স্মৰণ কৰি চৰাইদেউত মে-ডাম- মে-ফী উদযাপন

আজি ৰাজ্যজুৰি টাই আহোম জনগোষ্ঠীৰ লোকসকলে ধৰ্মীয় ৰীতি-নীতি, পৰম্পৰা অনুসৰি মে-ডাম-মে-ফি পালন কৰিছে ৷
 উপৰি পুৰুষক স্মৰণ কৰি চৰাইদেউত মে-ডাম- মে-ফী উদযাপন

ডিজিটেল সংবাদ, চৰাইদেউঃ আজি ৰাজ্যজুৰি টাই আহোম জনগোষ্ঠীৰ লোকসকলে ধৰ্মীয় ৰীতি-নীতি, পৰম্পৰা অনুসৰি মে-ডাম-মে-ফি পালন কৰিছে ৷ উজনি অসমৰ চৰাইদেউ, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, লখিমপুৰ আদি জিলাৰ লগতে ৰাজ্য বিভিন্ন প্ৰান্তত টাই আহোম জনগোষ্ঠীৰ লোকসকল পৰম্পৰাগত ৰীতিনীতিয়ে পালন কৰিছে মে-ডাম- মে-ফী ৷ চৰাইদেউতো পালন কৰা হৈছে মে-ডাম-মে-ফী।

চাওলুং চ্যুকাফাৰ দিনৰে পৰা অসমৰ টাই আহোম জনগোষ্ঠীয় লোক সকলে ধৰ্মীৰ ৰীতি-নীতি, পৰম্পৰা অনুযায়ী উপৰি-পুৰুষক স্মৰণ কৰি দেশ আৰু দহৰ মংগল কামনা এই উৎসৱ পালন কৰি আহিছে৷ প্ৰতিবছৰ দৰে এইবাৰো ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত পৰম্পৰাভাৱে পালিত হৈছে মে-ডাম-মে-ফী৷

আৰু পঢ়ক: আমি এনে এখন ভাৰত গঢ়ি তুলিম য'ত নাথাকে কোনো দৰিদ্ৰতা: ৰাষ্ট্ৰপতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in