টেঙাখাতত কেন্দ্ৰীয় মে-ডাম -মে-ফি উদযাপন

টেঙাখাতত কেন্দ্ৰীয় মে-ডাম -মে-ফি উদযাপন

ডিজিটেল সংবাদ, টেঙাখাতঃ টাই আহোম যুৱ পৰিসদ , অসম টেঙাখাত আঞ্চলিক সমিতিৰ উদ্যোগত ,পূৰ্বাঞ্চল টাই সাহিত্য সভা ,আহোম সভা , মে-নাং-ৰাই-মুং-ডুন-চুন-খাম , ফুৰালুং সংঘ টেঙাখাত আঞ্চলিক সমিতিৰ সহযোগত আৰু সমূহ টেঙাখাতবাসী ৰাইজৰ আতিথ্যত বুধবাৰে টেঙাখাত কেন্দ্ৰীয় চেংৰেণ আৰু লাঙি গদাপাণি ক্ষেত্ৰৰ ডামচাও হৰিনাৰায়ন গগৈ সোঁৱৰণী মঞ্চত টেঙাখাত কেন্দ্ৰীয় মে-ডাম- মে- ফী উদযাপন কৰা হয় ।

পুৱা পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ন কৰে টাই আহোম যুৱ পৰিষদ টেঙাখাত আঞ্চলিক সমিতিৰ সভাপতি ফনীন্দ্ৰ কোঁৱৰ আৰু উদযাপন সমিতিৰ সভাপতি ইন্দ্ৰ গগৈয়ে। লগে লগে ডাম স্মৰণ কাৰ্যসূচী ৰূপায়ন কৰে টাই আহোম যুৱ পৰিষদ টেঙাখাত আঞ্চলিক সমিতিৰ সম্পাদক নৱজ্যোতি দুৱৰা আৰু উদযাপন সমিতিৰ সম্পাদক প্ৰাঞ্জল সন্দিকৈয়ে ।

অন্যহাতে ছ্যুকাফা প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ডিব্ৰুগড় জিলা পৰিষদৰ অধ্যক্ষা ডেইজীৰাণী ফুকনে শ্যামে। লগে লগে উক্তস্থলীতে ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ পিছতে অনুষ্ঠিত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে টাই আহোম উন্নয়ন পৰিষদৰ সদস্য বৈকুণ্ঠ গগৈয়ে । টেঙাখাত ৰাজহুৱা প্ৰেক্ষাগৃহৰ পৰা আৰম্ভ কৰি উদযাপন স্থলীলৈ কৰা প্ৰায় ডেৰকিলো- মিটাৰ শুভাযাত্ৰাত গায়ন বায়ন দল বিহু দল দিহানামৰ দল তথা টাই জাতীয় সাজপাৰ পিন্ধি বহু সংখ্যক ৰাইজৰ লগতে ইউলিয়া নামৰ এগৰাকী আৰু ডি জে ব্লু নামৰ এজন পৰ্যটকে উক্ত শোভাযাত্ৰাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ।

ইয়াৰ পাছতে অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে উদযাপন সমিতিৰ সভাপতি ইন্দ্ৰ গগৈয়ে টাইপা ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক ধনজিৎ সন্দিকৈয়ে আঁত ধৰা উক্ত সভাখনি ডিব্ৰুগড় জিলা টাই সাহিত্য সভাৰ সভাপতি দূৰ্গা বৰগোহাঁইয়ে নেতৃত্ব বহন কৰি পৰিবেশন কৰা আইচিং লাউ (প্ৰাৰ্থনা ) সমবেত সকলোৱে সমম্বৰে পৰিবেশন কৰা পৰিলক্ষিত হয় ।

উক্ত মুকলি সভাখনি উদ্বোধন কৰে টেঙাখাত মহাবিদ্যালয়ৰ অধ্যক্ষ যতীন্দ্ৰনাথ গগৈয়ে। উদযাপন সমিতিৰ বিষয় ববীয়া টাই আহোম জিলা সমিতি কেন্দ্ৰীয় সমিতি আঞ্চলিক সমিতিৰ বিষয় ববীয়া টাই আহোমৰ বিভিন্ন জাতীয় সংগঠনৰ নেতাকৰ্মী বহু সংখ্যক জ্ঞাতি বৰ্গ ৰাচিয়াৰ পৰ্যটক ইউলিয়া , ডি জে ব্লু আদিয়ে অংশগ্ৰহণ কৰা সভাত তিনিচুকীয়া- মহাবিদ্যালয়ৰ অধ্যাপক ড° ৰত্নগোপাল গগৈ টাইপা কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক দ্বীপজ্যোতি দুৱৰা আদিয়ে বিভিন্ন দিশ সামৰি সাৰুৱা ভাষণ প্ৰদান কৰে । উক্ত সভাতে মানিক ফুকনৰ সম্পাদনাত উদযাপন সমিতিয়ে প্ৰকাশ কৰি উলিওৱা " মে-ডাম " নামৰ স্মৰণিকাখনি উন্মোচন কৰে অৰুণ বৰুৱাই ।

টেঙাখাতত কেন্দ্ৰীয় মে-ডাম -মে-ফি উদযাপন
গোলাঘাটত কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ সংবাদমেল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in