/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/dangor-khobr-5.jpg)
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ অভিযুক্ত বিমল কুমাৰ চৌধুৰীক চিআইডি পিএছ গোচৰ নং 53/2014 ইউ/এছ 120(বি)/406/420 আইপিচিৰ অধীনত ৩১মে' আৰু ১ জুনৰ মাজনিশা পশ্চিম বংগৰ, চিলিগুৰিৰ পৰা গ্ৰেপ্তাৰ কৰে চি আই ডি (অসম) এটি দলে। তেওঁক ট্ৰেঞ্জিট ৰিমাণ্ডৰ বাবে প্ৰথমে স্থানীয় আদালতত হাজিৰ কৰোৱা হয় আৰু পৰৱৰ্তী আইনী ব্যৱস্থাৰ বাবে অসমলৈ অনা হয়।
এমবিবিএছ/বিডিএছ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অভিযুক্ত ব্যক্তিজনক বৃহৎ পৰিমাণৰ ধন পৰিশোধ কৰা কেইবাজনো ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত গোচৰ পঞ্জীয়ন কৰা হৈছিল। অভিযোগ অনুসৰি ব্যক্তি গৰাকীয়ে চিকিৎসা আৰু দন্ত মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে ইমেইল আৰু ফোন নম্বৰকে ধৰি যোগাযোগৰ বিৱৰণৰ সৈতে বাতৰি কাকতত ভুৱা বিজ্ঞাপন প্ৰকাশ কৰিছিল। তাৰপাছতে একাংশই অভিযুক্তৰ সৈতে যোগাযোগ কৰি বৃহৎ পৰিমাণৰ ধন পৰিশোধ কৰিছিল।
উল্লেখ্য যে, এই গোচৰ সমূহ ২০১৪ চনতে ৰুজু কৰা হৈছিল কিন্তু অভিযুক্ত আৰক্ষীয়ে আটকৰ কৰিবলৈ সক্ষম হোৱা নাছিল।এই গোচৰটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰা নিৰীক্ষণ কৰা হৈছিল। তাৰপাছতেই ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি গোচৰটোৰ তদন্তৰ সন্দৰ্ভত ১৮মাৰ্চ, ২০২১ তাৰিখে এছআইটি গঠন কৰা হৈছিল।
এই তদন্তত পোহৰলৈ আহে যে ২০১৫ চনত দিল্লীৰ কৃষ্ণ নগৰ আৰক্ষী থানাত অভিযুক্ত ব্যক্তিজনৰ বিৰুদ্ধে একে ধৰণৰ আন এটা গোচৰ ৰুজু কৰা হৈছিল। তাৰ পাছতেই অনুসন্ধান চলাই বিমল কুমাৰ চৌধুৰীৰ সম্ভেদ পাইছিল আৰু চি আই ডিৰ দুটা দল গাজিয়াবাদ আৰু শিলিগুৰীলৈ প্ৰেৰণ কৰিছিল। তাৰপাছতেই গ্ৰেপ্তাৰ হয় বিমল কুমাৰ।