ঘোষণা হ'ল MBBS ৰ ফলাফলঃ অসম মেডিকেল কলেজৰ প্ৰীতম ডেকা শীৰ্ষত

MBBS ৰ চূড়ান্ত বৰ্ষৰ ফলাফল। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্ছিটি অফ হেল্থ ছাইন্সে ঘোষণা কৰা ফলাফল অনুসৰি অসমত মুঠ ১০২৪ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৯৫৭ গৰাকী উত্তীৰ্ণ হৈছে।

author-image
Tushar Pratim
New Update
ঘোষণা হ'ল  MBBS ৰ ফলাফলঃ অসম মেডিকেল কলেজৰ প্ৰীতম ডেকা শীৰ্ষত

ডিজিটেল ডেস্কঃ আজি ঘোষণা কৰা হৈছে এম বি বি এছৰ চূড়ান্ত বৰ্ষৰ ফলাফল। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্ছিটি অফ হেল্থ ছাইন্সে ঘোষণা কৰা ফলাফল অনুসৰি অসমত মুঠ ১০২৪ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৯৫৭ গৰাকী উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে। সেই অনুসৰি উত্তীৰ্ণৰ হাৰ ৯৩.৪৫ শতাংশ।

উল্লেখ্য যে, এইবাৰ অসমত এম বি বি এছৰ শীৰ্ষ স্থান অধিকাৰ কৰিছে ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ প্ৰীতম ডেকাই। তেওঁ মেডিচিন, ছাৰ্জাৰী, অবষ্ট্ৰেট্ৰিকছ এণ্ড গাইনাক’ল’জী, পায়েডিয়াট্ৰিকছ সন্মানীয় বিষয় হিচাপে লৈছিল।

দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰিছে গুৱাহাটী মেডিকেল কলেজৰ আৰহানা বিশ্বনাথ দেৱাশীষ দাস আৰু শ্যামলিমা মহন্তই। আৰহানাই ছাৰ্জাৰী, অবষ্ট্ৰেট্ৰিকছ এণ্ড গাইনাক’ল’জী,পায়েডিয়াট্ৰিকছক সন্মানীয় বিষয় হিচাপে লৈছিল। দেৱাশীষে মেডিচিন, ছাৰ্জাৰী, অবষ্ট্ৰেট্ৰিকছ এণ্ড গাইনাক’ল’জীক সন্মানীয় বিষয় হিচাপে লৈছিল আৰু ছাৰ্জাৰী, অবষ্ট্ৰেট্ৰিকছ এণ্ড গাইনাক’ল’জী, পায়েডিয়াট্ৰিকছক সন্মানীয় বিষয় হিচাপে লৈছিল।

পঞ্চম স্থান লাভ কৰিছে তেজপুৰ মেডিকেল কলেজৰ শৰ্মিষ্ঠা মহন্তই। তেওঁ  মেডিচিন, ছাৰ্জাৰী, অবষ্ট্ৰেট্ৰিকছ এণ্ড গাইনাক’ল’জীক সন্মানীয় বিষয় হিচাপে লৈছিল। ষষ্ঠৰ পৰা দশম স্থান লাভ কৰিছে ক্ৰমে গুৱাহাটী মেডিকেল কলেজৰ অনন্যা ঘোষাল, তেজপুৰ মেডিকেল কলেজৰ মানভী চৌধুৰী, গুৱাহাটী মেডিকেল কলেজৰ খুচবু ছ’মানি, গুৱাহাটী মেডিকেল কলেজৰ বাবলি ছাহা আৰু ডিফু মেডিকেল কলেজৰ উপাসনা মাউতে।

এম বি বি এছ