এম্বুলেন্সৰ বাবে মায়ঙৰ ৰাজপথত উত্তাল প্ৰতিবাদ…

এম্বুলেন্সৰ বাবে মায়ঙৰ ৰাজপথত উত্তাল প্ৰতিবাদ…

author-image
asomiyapratidin
New Update
এম্বুলেন্সৰ বাবে মায়ঙৰ ৰাজপথত উত্তাল প্ৰতিবাদ…

ডিজিটেল সংবাদ, মায়ং: এখন এম্বুলেন্স বিচাৰি বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰে যুৱক সকলে। আমাক এখন এম্বুলেন্স লাগে,আমাৰ দাবী মানিবই লাগিব আদি শ্ল'গানেৰে দলটো আগবাঢ়ি যায় মায়ং গাঁও পঞ্চায়ত কাৰ্যালয় লৈ।অসম চৰকাৰ হায় হায় শ্লোগানেৰে উত্তাল কৰে ৰাজপথ। অসম চৰকাৰ গ 'বেক ধ্বনি দিয়ে যুৱক সকলে।

Advertisment

জাগীৰোড সমষ্টিৰ মায়ঙৰ লোনমাটি ৰাজ্যিক চিকিৎসালয়ত নাই চৰকাৰৰ এখন এম্বুলেন্স। দীৰ্ঘদিন ধৰি ৰাইজ বঞ্চিত হৈ আহিছে এম্বুলেন্স সেৱাৰ পৰা।পবিতৰা অভয়াৰণ্য, এখন আৰক্ষী থানা,মহাবিদ্যালয়,আৰু বহু অনুষ্ঠান প্ৰতিষ্ঠান আছে যদিও এম্বুলেন্স ৰ অভাৱত বহু সময়ত এই অঞ্চলৰ ৰাইজে দুৰ্ভোগ ভুগি আহিছে।

সেই কাৰণেই এই দৰে ৰাজপথত ওলাই আহিল একাংশ লোক। মায়ঙৰ গাঁও পঞ্চায়ত কাৰ্যালয়ত গৈ প্ৰতিবাদ  সাব্যস্ত  কৰি সম্পাদকৰ হাতত এখন দাবী পত্ৰও প্ৰদান  কৰে।গাঁও পঞ্চায়তৰ পৰা ২০২০ বৰ্ষত এম্বুলেন্স ক্ৰয়ৰ বাবে আঁচনি হাতত লোৱা হৈছিল, পিছে কিয় ক্ৰয় নকৰিলে সেই কথাও পঞ্চায়ত সচিবৰ পৰা জানিব বিছাৰে।

মায়ঙৰ  লোনমাটি চিকিৎসালয়ত এম্বুলেন্স নথকাটো চৰকাৰৰ বাবে এক লজ্জাজনক বিষয় হৈ পৰিছে।জাগীৰোড সমস্তিৰ প্ৰাক্তন প্ৰয়াত বিধায়ক  বিবেকানন্দ দলৈয়ে তেখেতৰ কাৰ্যকালত এখন এম্বুলেন্স ক্ৰয় কৰি চিকিৎসালয় খনত যোগান ধৰিছিল যদিও উপযুক্ত পৰিচালনাৰ অভাৱত জহি খহি এতিয়া চিকিৎসালয়ৰ পিছফালে লুকুৱাই ৰাখিব লগা হৈছে।

মায়ঙৰ ৰাইজে এম্বুলেন্স বিচাৰি প্ৰতিবাদ কৰিব লগা হোৱা ঘটনাই স্বাভাৱিকতে বহু কেইটা দিশ উন্মোচিত কৰিছে।সামাজিক মাধ্যমৰ জৰিয়তেও এম্বুলেন্সৰ বাবে সাহাৰ্য্য বিচাৰিব লগা হৈছে।তাৰ পিছতো কিন্তু  স্বাস্থ্য বিভাগৰ চকুত পৰা নাই। ,অঞ্চলৰ ৰাইজৰ বৃহত্তৰ স্বাৰ্থত এখন এম্বুলেন্স যোগান ধৰি দীৰ্ঘদিনীয়া অভাৱটো দূৰ কৰিবলৈ দাবী জনাইছে।

আৰু পঢ়ক: নগাঁৱৰ ধূপগুৰিত আমীৰে শ্বৰীয়ত, আমীৰে নদুৱাতুত তামীৰ আলহাজ হজৰত মৌলানা ইউচুফ আলী…

assam mayong protest