টকাৰ বাবে মাৰপিট, এজনৰ মৃত্যু…

টকাৰ বাবে মাৰপিট, এজনৰ মৃত্যু…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ, মায়ং: মায়ঙৰ ১০ নং বালিমুখৰ ওচৰত সাপ খোপা তিলাত ৰবিবাৰে সংঘটিত হয় নৃশংস হত্যাকাণ্ড। এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন এজন আহত হয়। জানিব পৰা মতে  পাবলগীয়া টকা বিচাৰি যাওঁতে জামালুদ্দিন নামৰ ব্যক্তিজনৰ পুত্ৰ জাহেড আলি আৰু কেইজনমান লোকে দুপৰীয়াৰ ভাগত দা-জাঠিৰে আক্ৰমণ কৰে ছামছুল হক আৰু অহিদুল্লা নামৰ ব্যক্তি দুজনক।

Advertisment

গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত  হয় ছামছুল হক।ঘটনাস্থলীৰ পৰা ততাতৈয়াকৈ ঝাৰগাঁও প্ৰাথমিক চিকিৎসালয়ত লৈ যোৱা হয় যদিও সংকটজনক অৱস্থাত মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।অৱশ্যে চিকিৎসালয়ত নিয়াৰ পথতে মৃত্যু হয় ছামছুল হক নামৰ ব্যক্তি জনৰ।আহত অহিদুল্লাক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছে।

ঘটনাৰ খবৰ পাই মায়ং আৰক্ষীৰ এটা ঘটনাস্থলিলৈ ৰাওনা হয়।ইতিমধ্য চাৰি জন লোকক আটক কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে।

আৰু পঢ়ক: মূৰত গুলীয়াই আত্মহত্যা গৃহৰক্ষী জোৱানৰ…

assam mayong