মায়ঙৰ বৰবৰী বাহকাজাৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ…

মায়ঙৰ বৰবৰী বাহকাজাৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ…

author-image
asomiyapratidin
New Update
বকোত পুনৰ উত্তেজনা :অসমত মেঘালয়ৰ আৰক্ষীয়ে চাউনি পাতি সপ্তাহিক বজাৰ দখলৰ ষড়যন্ত্ৰ…

ডিজিটেল সংবাদ,মায়ং : মায়ং থানাৰ অন্তৰ্গত বৰবৰী বাহকাজাৰীত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত শুকুৰবাৰে উদ্ধাৰ হৈছে এটা অৰ্ধ গলিত অচিনাক্ত লোকৰ মৃতদেহ।

আৰক্ষী বিষয়া ৰাণা ভূঞাই জানিব লৈ দিয়া মতে স্থানীয় লোকৰ খবৰৰ ভিত্তিত ব্ৰহ্মপুত্ৰৰ পাৰত গৈ মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পিছত মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

পাঁচ, ছয়দিন পূৰ্বে লোক জনৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে । অৱশ্যে মৃতদেহটো ক'ৰ পৰা কেনেকৈ আহি সেই ঠাই পালে তাৰ কোনো তথ্য লাভ কৰিব পৰা নাই এই পৰ্যন্ত।

assam guwahati Assam police