মায়ং আঞ্চলিক মহাবিদ্যালয়ত এইডছ নিয়ন্ত্ৰণ সম্পৰ্কীয় সজাগতামূলক কাৰ্যসূচীৰ সামৰণি...

মায়ং আঞ্চলিক মহাবিদ্যালয়ত এইডছ নিয়ন্ত্ৰণ সম্পৰ্কীয় সজাগতামূলক কাৰ্যসূচীৰ সামৰণি...

author-image
Asomiya Pratidin
New Update
মায়ং আঞ্চলিক মহাবিদ্যালয়ত এইডছ নিয়ন্ত্ৰণ সম্পৰ্কীয় সজাগতামূলক কাৰ্যসূচীৰ সামৰণি...

ডিজিটেল সংবাদ, মায়ংঃ অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমাজ,খানাপাৰাৰ উদ্যোগত মৰিগাঁও জিলাৰ মায়ং আঞ্চলিক মহাবিদ্যালয়ত যোৱা ৭ চেপ্তেম্বৰ ৰ পৰা চাৰি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এইডছ মহামাৰীৰ সজাগতামূলক অনুষ্ঠানৰ আজি সফল সামৰণি পৰে।

Advertisment

কাৰ্যসূচীৰ অংশ হিচাপে প্ৰথম দিনা এইডছ সম্পৰ্কীয় সজাগতা মুলক শোভাযাত্ৰা শুভ উদ্বোধন কৰে মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জিত কলিতাই।মহাবিদ্যালয় খনৰ উপাধ্যক্ষ ড০ গুণেশ্বৰ ডেকাৰ তত্বাৱধানত ৰচনা লিখা প্ৰতিযোগিতা,শ্লোগান লিখা প্ৰতিযোগিতা আৰু বাটৰ নাট অনুষ্ঠিত কৰা হয়।

আজি সামৰণি অনুষ্ঠানত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ মাজত মানপত্ৰ বিতৰণ কৰা হয়।মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে এইডছ নিয়ন্ত্ৰণ সজাগতা কাৰ্যসূচীত স্বতঃস্ফুত ভাবে অংশগ্ৰহণ কৰে।

কাৰ্যসূচীত অংশগ্ৰহণ কৰে মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ অধীনস্থ এইডছ নিয়ন্ত্ৰণ কোষৰ দায়িত্বত থকা ৰিম্কী ভাগৱতী, বনশ্ৰী গোস্বামী আৰু অলীৰাধা ভাগৱতী। তিনিও গৰাকী বিষয়াই ছাত্ৰ ছাত্ৰীৰ মাজত এইডছৰ ভয়বহতা আৰু এই মহামৰী কিদৰে নিয়ন্ত্ৰণ কৰিব পাৰি সেই সন্দৰ্ভত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াই।

মায়ং আঞ্চলিক মহাবিদ্যালয়