দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ৰাষ্ট্রীয় পোষণ মাহ আৰু মাতৃ বন্দনা সপ্তাহৰ আৰম্ভণি…

দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ৰাষ্ট্রীয় পোষণ মাহ আৰু মাতৃ বন্দনা সপ্তাহৰ আৰম্ভণি…

author-image
asomiyapratidin
New Update
দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ৰাষ্ট্রীয় পোষণ মাহ আৰু মাতৃ বন্দনা সপ্তাহৰ আৰম্ভণি…

ডিজিটেল সংবাদ, মানকাচৰ : সবল নাৰী, স্বাক্ষৰ শিশু, সুস্থ ভাৰত শীর্ষক মূলমন্ত্রক সাৰোগত কৰি ১ ছেপ্তেম্বৰ ২০২২ তাৰিখৰ পৰা সমগ্ৰ ভাৰত বৰ্ষৰ লগতে অসমতো মাহ জোৰা কার্যসূচীৰে পোষণ মাহ আৰু মাতৃ বন্দনা সপ্তাহৰ আৰম্ভণি কৰা হয়। সমগ্র দেশৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাতো আজি জিলা উপাযুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত এখনি সমন্বয় সভাৰ জৰিয়তে এই পোষণ মাহ আৰু প্রধান মন্ত্রী মাতৃ বন্দনা সপ্তাহ আনুষ্ঠানিক ভাবে আৰম্ভনি কৰা হয়।

উল্লেখযোগ্য যে ৰাষ্ট্রীয় পোষণ মাহৰ শুভাৰম্ভ অনুষ্ঠান উপলক্ষে হাটশিঙিমাৰী জিলা মহিলা আৰু শিশু উন্নয়নৰ ভাৰপ্ৰাপ্ত বিষয়া হিয়া মেধী সভাৰ উদ্দেশ্যে বাখ্যা কৰি সকলোকে আদৰণি জনায় ।

সভাখনত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ফজলুৰ ৰহমান লস্কৰ, জিলা পৰিষদৰ সভানেত্রী মেৰিনা খান, দুগৰাকী অতিৰিক্ত উপায়ুক্ত ক্ৰমে বনি ইনাম সাদাব আৰু জগদীশ ব্ৰহ্ম, স্বাস্থ্য বিভাগৰ মুৰব্বী জিলা যুটীয়া স্বাস্থ্য বিষয়া, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা, জিলা কৃষি বিভাগৰ বিষয়া, দক্ষিণ শালমাৰা আৰু ফেকামৰী শিশু উন্নয়ন প্ৰকল্প বিষয়া, প্ৰকল্প সমূহৰ অধীনত থকা কেবাগৰাকী মুখ্য পৰ্যবেক্ষিকা উপস্থিত থাকে। ৰাষ্ট্ৰীয় পোষণ মাহ মাহ জুৰি কেনেকৈ পালন কৰিব তাক লৈ বিস্তাৰিত ভাবে আলোচনা হয়। একেদৰে বাল্য বিবাহৰ ওপৰতো এই সভাৰ জৰিয়তে গুৰুত্ব আৰোপ কৰা হয়।

পোষণ মাহৰ লগত সংগতি ৰাখি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা এটি সজাগতা মূলক শোভাযাত্ৰা উলিওৱা হয়। জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ফজলুৰ ৰহমান লস্কৰ, জিলা পৰিষদৰ সভানেত্ৰী মেৰিনা খান, জিলা মহিলা আক শিশু উন্নয়ন বিভাগৰ মুখসেবিকা, শিশু উন্নয়ন প্রকল্প বিষয়া, অংগনাবাড়ী কর্মী সহায়িকা সকলে অংশগ্রহণ কৰা শোভাযাত্ৰাটোৰ পতাকা জোকাৰি শুভাৰম্ভণি কৰে জিলা পৰিষদৰ সভানেত্রী আৰু মুখ্য কাৰ্য্যবাহী বিষয়াই।

আৰু পঢ়ক :৪ দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা…

assam mankachar