ৰঙিয়াত ধৰ্মপ্ৰাণ ব্যক্তি মতিৰাম কাকতিৰ দেহাৱসান

ৰঙিয়াত ধৰ্মপ্ৰাণ ব্যক্তি মতিৰাম কাকতিৰ দেহাৱসান

author-image
Asomiya Pratidin
New Update
ৰঙিয়াত ধৰ্মপ্ৰাণ ব্যক্তি মতিৰাম কাকতিৰ দেহাৱসান

ডিজিটেল সংবাদ,ৰঙিয়াঃ ৰঙিয়াৰ ধৰ্মপ্ৰাণ ব্যক্তি মতিৰাম কাকতিৰ শুকুৰবাৰে নিশা ১১:২৬ বজাত নিজ বাসগৃহত বিয়োগ ঘটে। কিছুদিন ধৰি হাৰ্ট ৰোগত আক্ৰান্ত হৈ শ্বাস-প্ৰশ্বাসত ভূগি থকা ফলত এইমছ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

ৰঙিয়াৰ কেইবাটাও সাংস্কৃতিক অনুষ্ঠান ৰঙিয়া ৰাইজমেল,পূৱ ৰঙিয়া প্ৰগতি সংঘ, সমবায় ছছাইটি তথা সামাজিক অনুষ্ঠানৰ সৈতে জড়িত থকা ধৰ্মপ্ৰাণ ব্যক্তি গৰাকীৰ মৃত্যুত অঞ্চল জুৰি শোকৰ ছাঁ পেলায়।

উল্লেখ্য যে ৰঙিয়াৰ বুনিয়াদী শিক্ষাত শিক্ষাগ্ৰহণ কৰা মতিৰাম কাকতিয়ে সিদ্ধিনাথ হাস্পতালৰ মেলেৰিয়া বিভাগৰ কৰ্মস্থলীৰ পৰা অৱসৰ গ্ৰহণ কৰে।মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯৩ বছৰ।তেওঁ মূৰাৰা বিষ্ণু মন্দিৰৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ হৈ থকাৰ উপৰিও ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কামৰূপ জিলাৰ এগৰাকী জ্যেষ্ঠ স্বয়ংসেৱক আছিল।

তেওঁ ৰঙিয়াৰ বড়িচুপা মৌজাৰ মূৰাৰাৰ এজন প্ৰকৃত ভদ্ৰলোক হিচাপে পৰিচিত৷ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত থকা ধৰ্মপ্ৰাণ ব্যক্তি গৰাকীয়ে মৃত্যুৰ সময়ত জী জোঁৱাই আৰু পুত্ৰ,বোৱাৰী আৰু নাতি এৰি থৈ যায়৷

Also Read: বটদ্ৰৱা বৰহিছা গাঁও নিৱাসী জীতেন্দ্ৰ কুমাৰ বৰুৱাৰ মৃত্যুত শোক...

rangiya rangiya news matiram kakati