/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/839f9a86-8f8b-42e8-b271-b61b9c2b1e91/fdfdfd.jpg)
ডিজিটেল সংবাদ, মথুৰাপুৰঃ ইংৰাজী নৱবর্ষৰ উল্লাস উদ্দীপনাৰ মাজতে মথুৰাপুৰত চাহ বাগিছাত অঘটন । অগ্নিদগ্ধ এজন লোক।
বাগিছা খনৰসহ পৰিচালক পংকজ ত্ৰিপাঠি নামৰ লোকজন বাইকত পেট্ৰ'ল ভৰাই থাকোতে অগ্নিদগ্ধ হয় । পেট্ৰ'ল ভৰাই থকা অৱস্থাত লোক জনে চিগাৰেট খাই আছিল বুলি জানিব পৰা গৈছে।
লোকজনৰ দেহৰ প্ৰায় ৮০% জ্বলি যায় । আহত ব্যক্তি জনক ততালিকে চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰা হয়। আনহাতে মটৰচাইকেল খন সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
Also Read: বনভোজ খাই উভতাৰ সময়তে পথ দুৰ্ঘটনা, দ' খাৱৈত পৰিল বাহন