/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/632e9449-11cd-4c4a-8dd9-b2622250dd3a/mathurapur.jpg)
ডিজিটেল সংবাদ, মথুৰাপুৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ মথুৰাপুৰতো বিভিন্ন স্থানত উলহ-মালহেৰে পালন কৰা হৈছে বিশ্বকৰ্মা পূজা। এই উপলক্ষে শনিবাৰে পুৱাৰে পৰা অঞ্চলটোৰ ঠাই বিশেষে বিশ্বখনিকৰ বিশ্বকৰ্মাক আৰাধনা কৰা পৰিলক্ষিত হয় ৷
বিশেষকৈ উদ্যোগ, কলকাৰখানা, ব্যৱসায়ী প্ৰতিষ্ঠানৰ লগতে বহুলোকে নিজ গৃহতে পূজা-অৰ্চনা কৰি মাহ-প্ৰসাদ, ফল-মূলৰ নৈবেদ্য আগবঢ়াই দেৱতাৰ চৰণত আৰ্শীবাদ লোৱা দেখা যায় ৷ ইফালে চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগত ৰীতি-নীতিয়ে বিশ্বকৰ্মা পূজা ভাগ নিয়াৰিকৈ সম্পন্ন কৰা পৰিলক্ষিত হয় ৷