মথুৰাপুৰ চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ অব্যাহত

মথুৰাপুৰ চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ অব্যাহত

author-image
asomiyapratidin
New Update
মথুৰাপুৰ চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ অব্যাহত

ডিজিটেল সংবাদ,মথুৰাপুৰঃ অসম চাহ মজদূৰ সংঘৰ সোণাৰি শাখাৰ আহ্বান মৰ্মে শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত বৃহস্পতিবাৰে পুনৰ মথুৰাপুৰ চাহ বাগিচাৰ মজদুৰ সংঘৰ উদ্যোগত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে৷ প্ৰতিবাদী চাহ শ্ৰমিক সকলে আজি পুৱা বাগিচাৰ কাৰ্যালয়ৰ সম্মুখত সমবেত হৈ হাতে হাতে বেনাৰ প্লে'কাৰ্ড লৈ মালিকপক্ষৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি বাগিচাৰ চৌহদ উত্তপ্ত কৰি তোলে।

চাহ শ্ৰমিক সকলে শ্রমিক সকলৰ দৈনিক হাজিৰা ৩৫১.০০ টকালৈ বৃদ্ধি কৰা,শ্রমিকৰ জৰাজীৰ্ণ ঘৰ সমূহ মেৰামতি কৰাৰ লগতে চিলিং নথকা ঘৰসমূহত চিলিং লগোৱা, শ্রমিকৰ প্ৰত্যেক পৰিয়ালত একোটাকৈ পায়খানা দিয়া আৰু প্রত্যেক পৰিয়ালত বিশুদ্ধ খোৱা পানীৰ সু-ব্যৱস্থা কৰা, বাগিচাত ক্ৰেছ হাউছ নির্মাণ কৰা, বাগিচাৰ চিকিৎসালয় সমূহতত ডাক্তৰৰ ব্যৱস্থা কৰা, বাগিচাৰ চিকিৎসালয়ত ৰোগীৰ বাবে পৰ্যাপ্ত বিচনা, প্রয়োজনীয় দৰৱ-পাতি আৰু ৰোগীৰ বাবে উন্নত মানৰ সু-খাদ্যৰ ব্যৱস্থা কৰা, বাগিচাৰ শ্ৰমিক লাইনৰ নলা-নৰ্দমাবোৰ ভালধৰণে চাফ-চিকুন কৰি বিজাণুনাশক দৰব ছটিওৱা,বাগিচাত কাম কৰি থকা শিক্ষিত উপ-কৰ্মচাৰী সকলক শিক্ষাগত অৰ্হতাৰ ওপৰত ভিত্তি কৰি কৰ্মচাৰী পদলৈ পদোন্নতি কৰা আৰু খালী হৈ থকা উপ-কর্মচাৰী পদসমূহ পুৰণ কৰা, বাগিচাৰ শিক্ষিত নিৱনুৱা যুৱক যুৱতী সকলক অগ্রাধিকাৰৰ ভিত্তিত শিক্ষা নবিশ হিচাপে নিয়োগ কৰা আদি বিভিন্ন দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷ 

assam protest