/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/32ec4a2c-8c1a-4bb7-8044-35138efc4216/Mathurapur.jpg)
ডিজিটেল সংবাদ, মথুৰাপুৰঃ চৰাইদেউ জিলাৰ মথুৰাপুৰ ১০১ নং গ্ৰাণ্ট নিবাসী তথা অঞ্চলটোৰ অতি সৰবৰাহী মহিলা দিপালী গগৈ বৰুৱাৰ(৫৬) সোমবাৰে নিশা নিজ বাসভাৱনত মৃত্যু হয়। সুদীৰ্ঘ ১৮ বছৰ ধৰি কৰ্কট ৰোগৰ সৈতে যুজঁ কৰি অহা মহিলা গৰাকীয়ে সোমবাৰে অন্তিম নিশ্বাস ত্যাগ কৰে।
যোৰহাট কেন্দ্ৰীয় ৰেচম বৰ্ডৰ জ্যেষ্ঠ কাৰিকৰী সহায়ক পদত কৰ্মৰত প্ৰয়াত দিপালী বৰুৱা কেৱল মথুৰাপুৰ অঞ্চলৰে চিনাকি নাছিল। কৰ্মসূত্ৰে তেখেত যোৰহাট জিলাৰ লাহদৈগড় আৰু ঢেকীয়াখোৱা অঞ্চলৰ বিভিন্ন সামাজিক কাম-কাজৰ লগত আজীৱন জড়িত আছিল।
ছাত্ৰী অৱস্থাৰ পৰাই তেখেতে সামাজিক কাম-কাজত জড়িত হোৱাৰ লগতে অসম আন্দোলনত ওতঃপ্ৰোত ভাবে জড়িত আছিল। দুখীয়া দৰিদ্ৰ মানুহৰ বাবে সদায় সহায়ৰ হাত আগবঢ়াই অহা দিপালী গগৈৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।
Also Read: ধেমাজি নগৰপালিকাৰ প্ৰাক্তন ৱাৰ্ড সদস্য যগেশ্বৰ সোনোৱালৰ মৃত্যু...