ধেমাজি নগৰপালিকাৰ প্ৰাক্তন ৱাৰ্ড সদস্য যগেশ্বৰ সোনোৱালৰ মৃত্যু...

ধেমাজি নগৰৰ ৩ নম্বৰ ৱাৰ্ডৰ ৰতনপুৰৰ নিবাসী তথা প্ৰাক্তন ৱাৰ্ড সদস্য যগেশ্বৰ সোনোৱালৰ ৬৭ৰ বসয়ত মৃত্যু

author-image
Asomiya Pratidin
New Update
ধেমাজি নগৰপালিকাৰ প্ৰাক্তন ৱাৰ্ড সদস্য যগেশ্বৰ সোনোৱালৰ মৃত্যু...

ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি নগৰৰ ৩ নম্বৰ ৱাৰ্ডৰ ৰতনপুৰৰ নিবাসী তথা প্ৰাক্তন ৱাৰ্ড সদস্য যগেশ্বৰ সোনোৱালে ৬৭ৰ বসয়ত দেওবাৰে অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি লয়। তেওঁৰ মৃত্যুৰ খবৰে ধেমাজিত শোকৰ ছাঁ পেলাইছে ৷

Advertisment

উল্লেখ্য যে, বহুমূত্ৰ ৰোগত ভুগি থকা সোনোৱালৰ স্বাস্থ্য অধিক অৱনতি হোৱাত ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই কেইবাদিনো ধৰি চিকিৎসা কৰি সুস্থ নোহোৱাত ততাতৈয়াকৈ যোৱা ২৪ জুনত অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত ভৰ্তি কৰোৱা হৈছিল। অতি সহজ সৰল সমাজ সেৱক যগেশ্বৰ সোনোৱালে ধেমাজি মহাবিদ্যালয়ৰ বিজ্ঞান বিভাগটো প্ৰতিষ্ঠাৰ সময়ত মহাবিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বহুখিনি ত্যাগ স্বীকাৰ কৰিছিল৷

সোনোৱালৰ মৃত্যু খবৰ পাই ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° বুদ্ধিন্দ্ৰ বৰুৱাই গভীৰ শোক প্ৰকাশ কৰি তেখেতৰ বিদেহী আত্মাৰ সদগতি কামনা কৰাৰ লগতে সোনোৱালে ধেমাজি মহাবিদ্যালয়ৰ বিজ্ঞান বিভাগটোৰ কাৰণে কৰি যোৱা ত্যাগৰ কথা সোঁৱৰে ৷ সোনোৱাল ধেমাজি নগৰপালিকাৰ ৩ নম্বৰ ৱাৰ্ডৰ প্ৰাক্তন সদস্য হোৱাৰ উপৰিও ধেমাজি বালিকা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি, ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সদস্য, ধেমাজি পাব্লিক স্কুলৰ পৰিচালনা সমিতিৰ প্ৰাক্তন প্ৰতিস্থাপক সদস্য তথা ধেমাজিৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল ।

মৃত্যুৰ সময়ত তেখেতে পত্নীৰ সৈতে এটি পুত্ৰ সন্তান আৰু এগৰাকী কন্যা এৰি থৈ যায়।

Also Read: হঠাৎ বন্ধ হ'ল ৬১ বছৰে স্বাস্থ্যসেৱা আগবঢ়াই অহা এখন চিকিৎসালয়: হাহাকাৰ লাগিল ৰোগীৰ...

social worker