মথুৰাপুৰ চ’ছিয়েল ৱেলফেয়াৰ গ্ৰুপৰ উদ্যোগত ভেকচিন প্ৰদান কাৰ্যসূচীঃ স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা

মথুৰাপুৰ চ’ছিয়েল ৱেলফেয়াৰ গ্ৰুপৰ উদ্যোগত ভেকচিন প্ৰদান কাৰ্যসূচীঃ স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা

author-image
asomiyapratidin
New Update
মথুৰাপুৰ চ’ছিয়েল ৱেলফেয়াৰ গ্ৰুপৰ উদ্যোগত ভেকচিন প্ৰদান কাৰ্যসূচীঃ স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা

ডিজিটেল সংবাদ চৰাইদেউঃ বৃহস্পতিবাৰে চৰাইদেউ জিলাৰ বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ অন্যতম আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান মথুৰাপুৰ চ'ছিয়েল ৱেলফেয়াৰ গ্ৰুপৰ উদ্যোগত আৰু মথুৰাপুৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ সহযোগত কোভিড ভেকচিন প্ৰদানৰ এক কাৰ্যসূচী ৰূপায়িত হয় ৷এই উপলক্ষত মথুৰাপুৰ ভকত গাঁও প্ৰাথমিক বিদ্যালয় প্ৰাংগনত পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা কোভিড ভেকচিন প্ৰদান কাৰ্যসূচীত কোভিডৰ সম্পূৰ্ণ নীতি-নিৰ্দেশনা পালন কৰি এই ভেকচিন প্ৰদান কাৰ্যসূচী সম্পন্ন হয় ৷

Advertisment

এই কোভিড ভেকচিন প্ৰদান কাৰ্যসূচীত স্থানীয় দুই শতাধিক পুৰুষ-মহিলাক ভেকচিন প্ৰদান কৰা হয় ৷ উল্লেখযোগ্য যে ভেকচিন প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰা স্বাস্থ্যকৰ্মী আৰু আশাকৰ্মী সকলক উদ্যোক্তা সকলে সম্বৰ্ধনা জনোৱাৰ লগতে কোভিডকালীন সময়ত তেওঁলোকে লোৱা অগ্ৰণী ভূমিকাৰ আন্তৰিক শলাগ লয় ৷

এই কাৰ্যসূচীত স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ সদস্য ক্ৰমে প্ৰণৱ বৰগোহাঁই,বাসুদেৱ কুমাৰ,ৰজনী গগৈ,বিশ্ব গগৈ ,সীমান্ত গগৈ, ৰাধু চৌধুৰী, অৰ্ণৱ ৰাজকোঁৱৰ আৰু ৰঘু ৰাজকোঁৱৰ আদি উপস্থিত থাকি প্ৰয়োজনীয় সহযোগিতা আগবঢ়ায় ৷