মথুৰাপুৰত ‘হৰ ঘৰ ত্ৰিৰংগা’ শীৰ্ষক সজাগতামূলক শোভাযাত্ৰা…

মথুৰাপুৰত ‘হৰ ঘৰ ত্ৰিৰংগা’ শীৰ্ষক সজাগতামূলক শোভাযাত্ৰা…

author-image
asomiyapratidin
New Update
মথুৰাপুৰত ‘হৰ ঘৰ ত্ৰিৰংগা’ শীৰ্ষক সজাগতামূলক শোভাযাত্ৰা…

ডিজিটেল সংবাদ, মথুৰাপুৰঃ চৰাইদেউ জিলা কৃষি বিভাগৰ উদ্যোগত মথুৰাপুৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰী সকলৰ সহযোগত মথুৰাপুৰত হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক সজাগতামূলক শোভাযাত্ৰা উলিওৱা হয়। মথুৰাপুৰ শংকৰদেৱ শিশু নিকেতনৰ চৌহদৰ পৰা সজাগতামূলক শোভাযাত্ৰা উলিওৱা হয়।

Advertisment

শিক্ষানুষ্ঠানখনিৰ ছাত্ৰ-ছাত্ৰী তথা আচাৰ্য্য-আচাৰ্য্যা সকলে অংশগ্ৰহণ কৰা এই শোভাযাত্ৰাত ভাৰত মাতাৰ প্ৰতিচ্ছবি লৈ সকলোৱে হাতে-হাতে ৰাষ্ট্ৰীয় পতাকা লৈ মথুৰাপুৰ সদৰ তিনিআলিলৈ সমদল কৰে ৷ ইয়াৰ পিচত মথুৰাপুৰ সদৰ তিনিআলিৰ মাজমজিয়াত ছাত্ৰ-ছাত্ৰী সকলে ঘৰে ঘৰে জাতীয় পতাকা শীৰ্ষক এখনি সজাগতা মূলক বাটৰ নাট প্ৰদৰ্শন কৰি জনসাধাৰণক আকৰ্ষিত কৰে ৷

আৰু পঢ়ক : বকোত বোৱাৰীৰ দাৰ ঘাপত মৃত্যু শাহুৱেকসহ বনকৰা মহিলাৰ…

RALLY bjp assam mathurapur himanta biswa sarma