/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/mathurapue-2.jpg)
ডিজিটেল সংবাদ, মথুৰাপুৰঃ বিভিন্ন কাৰকৰ বাবে বিদ্যালয়লৈ শিক্ষা গ্ৰহণৰ বাবে ওলাই নহা কণ কণ ছাত্র-ছাত্ৰীক বিদ্যালয়মুখী কৰাৰ লক্ষ্যৰে চৰাইদেউ জিলাৰ মথুৰাপুৰত শুকুৰবাৰে এক সজাগতামূলক শৈক্ষিক শোভাযাত্ৰা বাহিৰ কৰা হয়।
সোণাৰি শিক্ষা খণ্ডৰ অধীনৰ মথুৰাপুৰ আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত বিদ্যালয়ৰ পৰা আতঁৰি থকা ছাত্র-ছাত্রী সকলক পুনৰ বিদ্যালয়মুখী কৰা অভিযানৰ অংশ হিচাপে এই শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাত বিদ্যালয়খনিৰ শিক্ষক শিক্ষয়িত্ৰী, পৰিচালনা সমিতি, মাতৃ গোট, অভিভাৱক আৰু ছাত্র-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us