মথুৰাপুৰত শিক্ষক-কৰ্মচাৰীৰ কৰ্মবিৰতি কাৰ্যসূচী…

মথুৰাপুৰত শিক্ষক-কৰ্মচাৰীৰ কৰ্মবিৰতি কাৰ্যসূচী…

author-image
asomiyapratidin
New Update
মথুৰাপুৰত শিক্ষক-কৰ্মচাৰীৰ কৰ্মবিৰতি কাৰ্যসূচী…

ডিজিটেল সংবাদ, মথুৰাপুৰঃ ৰাষ্ট্ৰীয় পেঞ্চন নীতি চমুকৈ এন পি এছ বাতিল কৰি পুৰণি পেঞ্চন নীতি(অ' পি এচ) প্ৰৱৰ্তনৰ দাবীত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে সোমবাৰে ৰাজ্যৰ আন ঠাইৰ লগতে চৰাইদেউ জিলাতো চৰকাৰী কৰ্মচাৰী সকলে সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰে।

Advertisment

উক্ত কাৰ্যসূচী অংশস্বৰূপে সোমবাৰে মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সকলেও কৰ্মবিৰতি পালনেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ পুৱা শিক্ষক-কৰ্মচাৰী সকলে বিদ্যালয়ত উপস্থিত হৈ অৱস্থান কৰি হাতে-হাতে দাবী সম্বলিত প্লে কাৰ্ড লৈ
কৰ্মবিৰতি পালন কৰে।

প্ৰতিবাদী কৰ্মচাৰীসকলে চৰকাৰী কৰ্মচাৰী সকলৰ বাবে চৰকাৰে প্ৰৱৰ্তন কৰা নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি পুনৰ প্ৰৱৰ্তন কৰিব লাগে বুলি দাবী উত্থাপন কৰে৷

assam mathurapur