/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/mathurapur.jpg)
ডিজিটেল সংবাদ, চৰাইদেউঃ অসম আৰু অসমীয়াৰ হকে সদায় কাম কৰি যোৱা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ চৰাইদেউ প্ৰেছ ক্লাৱে শুকুৰাবাৰে তৃতীয় বৰ্ষত ভৰি দিয়ে। এই উপলক্ষে শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠান মথুৰাপুৰ ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত বিভিন্ন কাৰ্যসূচীৰে সফল ৰূপায়ন হয়।
পুৱা প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন কৰে ক্লাৱৰ সভাপতি ধ্ৰুৱজ্যোতি বৰুৱা, শ্বহীদ তৰ্পনৰ বন্তি প্ৰজ্বলন কৰে চৰাইদেউ প্ৰেছ ক্লাৱৰ উপদেষ্টা আলিম আহমেদে। ক্লাৱৰ স্থায়ী সভাপতি ধ্ৰুৱজ্যোতি বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত চৰাইদেউ প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সোণাৰি পদ্মকুমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ মনি গগৈয়ে নিদিষ্ট বক্তা হিছাপে উপস্থিত থাকি প্ৰেছ ক্লাৱৰ জন্ম দিনৰ কেক কাটি সভাৰ কাৰ্যসূচী আৰম্ভ কৰাৰ লগতে তেখেতৰ নিজস্ব ভাষণ ডাঙি ধৰে।
এই সভাতে মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১০ গৰাকী দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আৰু মথুৰাপুৰ ছোৱালী হাইস্কুলৰ ১০ গৰাকী দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক একোখনকৈ সহায়িকা পুথি উপহাৰ স্বৰূপে প্ৰেছ ক্লাৱৰ তৰফৰ পৰা প্ৰদান কৰা হয়।
সভাত সোণাৰি বিধান সভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ মুকলি সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেইবাগৰাকী বিশিষ্ট অতিথি, সাংবাদিক উপস্থিত থাকে। সভাত সমাজিক অনুষ্ঠান চ'ছিয়েল ৱেলফেয়াৰ গ্ৰুপক সম্বৰ্ধনা জনোৱা হয়। মুকলি সভাখনৰ আতঁ ধৰে সাংবাদিক প্ৰণৱ বৰগোহাঁইয়ে।