অবৈধ চুলাইৰ বিৰুদ্ধে মথুৰাপুৰ আৰক্ষীৰ অভিযান

চুলাই মদৰ বিৰুদ্ধে চলোৱা এই অভিযানত সন্তুষ্টি প্ৰকাশ কৰিছে সচেতন ৰাইজে।

author-image
Asomiya Pratidin
New Update
অবৈধ চুলাইৰ বিৰুদ্ধে মথুৰাপুৰ আৰক্ষীৰ অভিযান

ডিজিটেল সংবাদ,মথুৰাপুৰ : দেওবাৰে মথুৰাপুৰ আৰক্ষীয়ে অভিযান চলাই ধ্বংস কৰে কেইবা শ লিটাৰ অবৈধ চুলাই মদ। বিগত কিছুদিন ধৰি মথুৰাপুৰ আৰক্ষীয়ে বিভিন্ন ঠাইত চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই আহিছে।

আজি আৰক্ষী থানাৰ এলেকা হাবিগাঁও অভিযান চলাই চুলাই তৈয়াৰ কৰিবলৈ সাজু কৰি থোৱা প্ৰায় ৬০০ লিটাৰ গেলা আৰু ভাতি ধ্বংস কৰে ৷ থানাৰ আৰক্ষী বিষয়াৰ নেতৃত্বত চুলাই মদৰ বিৰুদ্ধে চলোৱা এই অভিযানত সন্তুষ্টি প্ৰকাশ কৰিছে সচেতন ৰাইজে।

Also Read: সৰভোগত ছদ্মনাম ব্যৱহাৰ কৰি লুটিলে ৫ লক্ষাধিক টকা

mathurapur Assam police