/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-09/qs3pen2j/dsd.jpg)
ডিজিটেল সংবাদ,চৰাইদেউঃ চৰাইদেউ জিলাৰ বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ একমাত্র উচ্চ শিক্ষানুষ্ঠান মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন কৰ্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতাৰ বাবে বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ অহাই নহয় ছাত্র-ছাত্রী সকল উপযুক্ত শিক্ষা আৰু প্ৰাপ্যৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে বুলি অভিযোগ উত্থাপিত হৈছে। এই সন্দৰ্ভত আটছাৰ সোণাৰি শাখাই জিলা আয়ুক্তক এক স্মাৰক পত্ৰ প্ৰদান কৰে।
আটছাৰ সোণাৰি শাখাৰ সভাপতি প্ৰলয় সেৱক আৰু সাধাৰণ সম্পাদক গৌতম গোৱালাই স্বাক্ষৰিত পত্ৰখনত দীর্ঘদিনৰ পৰা শিক্ষানুষ্ঠানখনিত চলি থকা নানা অনিয়মৰ ফলশ্রুতিত শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ কথা উল্লেখ কৰি শেহতীয়াকৈ ইয়াত ছাত্র- ছাত্ৰীৰ মধ্যাহ্ন ভোজনকে ধৰি আন্তঃগাঁথনিৰ পুঁজি ব্যয়ৰ ক্ষেত্ৰত অধ্যক্ষা গৰাকীয়ে অনিয়মৰ আশ্রয় লৈ শিক্ষানুষ্ঠানখনিৰ ভবিষ্যত বিপদাপন্ন স্তৰলৈ লৈ যোৱা কার্যত গভীৰ উদ্বেগ প্রকাশ কৰিছে।
বিদ্যালয়খনিৰ অধ্যক্ষা গৰাকীৰ দায়িত্বহীনতাৰ বাবে ছাত্র-ছাত্রী সকলে পাঠগ্ৰহণ কৰাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হোৱাৰ সমান্তৰাল কৈ অধ্যক্ষা গৰাকীয়ে চৰকাৰী আৱন্টিত পুঁজিৰ সৎ ব্যৱহাৰ নকৰাৰ ফলত শ্ৰেণীকোঠাত ছাত্র-ছাত্রী অনুপাতে বেঞ্চ-ডেক্সৰ অভাৱ, অধিক সংখ্যক ফেন বিকল হৈ পৰি থকাৰ বাবে পাঠদানৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হোৱাৰ কথা উল্লেখ কৰি এয়া অতি পৰিতাপৰ বিষয় বুলি স্মাৰক পত্ৰখনিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে।
ইফালে বিদ্যালয় খনিত বিশুদ্ধ খোৱা পানীৰ অভাব, বিদ্যালয়ৰ চাৰিসীমা উন্মুক্ত হৈ থকা, ছাত্ৰ- ছাত্ৰীৰ প্ৰস্বাৱগাৰ পৰ্যাপ্ত নোহোৱা আদি কৰি এশ এবুৰি সমস্যাই বিদ্যালয়খন আগুৰি ধৰিছে বুলি পত্ৰখনত উল্লেখ কৰা হৈছে। মূলতঃ অধ্যক্ষা গৰাকীয়ে বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ পুঁজি ব্যয়ৰ ক্ষেত্ৰত অনিয়ম সংঘটিত কৰাৰ বাবে দিনক দিনে বিদ্যালয়খনৰ অৱস্থা বেয়াৰ দিশে গতি কৰিছে বুলি আটছাৰ তৰফৰ পৰা স্মাৰক পত্ৰখনত অভিযোগ কৰা হৈছে। সেয়ে শিক্ষানুষ্ঠানখনিৰ ছাত্ৰ-ছাত্ৰী সকলৰ বৃহত্তৰ স্বাৰ্থত উচিত তদন্ত কৰি অধ্যক্ষা গৰাকীৰ ওপৰত বিহীত ব্যৱস্থ্যা গ্ৰহণ কৰিবলৈ আটছাৰ সোণাৰি শাখাৰ তৰফৰ পৰা জিলা আয়ুক্ত গৰাকীক অনুৰোধ জনোৱা হৈছে।