মথুৰাপুৰত চলিল চুলাই মদৰ বিৰুদ্ধে অভিযান, ৭ টাকৈ গোচৰ ৰুজু

মথুৰাপুৰত চলিল চুলাই মদৰ বিৰুদ্ধে অভিযান, ৭ টাকৈ গোচৰ ৰুজু

author-image
asomiyapratidin
New Update
মথুৰাপুৰত চলিল  চুলাই মদৰ বিৰুদ্ধে অভিযান, ৭ টাকৈ  গোচৰ ৰুজু

ডিজিটেল সংবাদ,মথুৰাপুৰঃ চৰাইদেউ জিলা আবকাৰী বিভাগৰ অভিযানকাৰী দলে মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মাইবেলা ক'পাৰ্টিভ গাঁৱত চুলাই মদৰ বিৰুদ্ধে অভিযান চলায়। এই অভিযান কালত অঞ্চলটোৰ বহু কেইটা স্থানত অসাধু সুৰাৰ ব্যৱসায়ীয়ে পাতি লোৱা কেইবাটাও ভাটি ধ্বংস কৰাৰ লগতে প্ৰায় ৫৭০ লিটাৰ অবৈধ সুৰা তৈয়াৰ কৰাৰ বাবে ৰখা প্ৰায় ৪০ লিটাৰ বিক্ৰীৰ বাবে সাজু কৰি ৰখা চুলাই মদ, আৰু ৫ টা মদ তৈয়াৰত ব্যৱহাৰ হোৱা যন্ত্ৰ পাই জব্দ কৰি ঠাইতে নষ্ট কৰি পেলায়।

অভিযান কাৰি দল যোৱাৰ উমান পায় অসাধু সুৰা তৈয়াৰীত লোক কেইজন পলায় যাবলৈ সক্ষম হয় যদিও সুৰা তৈয়াৰীত লোক কেইজনৰ ওপৰত এই অভিযানকালত মুঠ ৭ টা গোচৰ ৰুজু কৰা হৈছে বুলি আমাক জানিব পৰা গৈছে ৷

আৰু পঢ়ক: মৃত্যুৰ পাছতো চলি থাকিল ৰক্ত প্ৰৱাহ !চিকিৎসা জগতত তোলপাৰ…

assam charaideo