/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/717f5fa7-e94c-4baa-9ee2-544753a55463/mathurapur.jpg)
mathurapur kati bihu
ডিজিটেল সংবাদ, মথুৰাপুৰঃ কাতি বিহু উপলক্ষে মঙলবাৰে মথুৰাপুৰত ছ’চিয়েল ৱেলফেয়াৰ গ্ৰুপৰ প্ৰশংসনীয় পদক্ষেপ ৷ মাটি চাকি আৰু তুলসীৰ পুলি বিতৰণ কৰিলে ৰাইজক ৷ কাতি বা কঙালী বিহুৰ ঐতিহ্য আৰু পৰম্পৰা ধৰি ৰখাৰ লগতে নৱ প্ৰজন্মৰ মাজত প্ৰচাৰ বৃদ্ধি কৰা উদ্দেশ্য এক ব্যতিক্ৰমী পদক্ষেপ হাতত লয় চৰাইদেউ জিলাৰ মথুৰাপুৰ অঞ্চলৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে।
স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে ৰাইজৰ মাজত বিতৰণ কৰে শতাধিক মাটিৰ চাকি, তুলসী পুলি ৷ এই কাৰ্যসূচীত অনুষ্ঠানটোৰ উপদেষ্টা যুগল বৰগোহাঁই, ৰাধু চৌধুৰী, জুৱেদ আলি সদস্য ক্ৰমে প্ৰণৱ বৰগোহাঁই, বাসুদেৱ কুমাৰ, ৰঘু ৰাজ কোঁৱৰ, নিমনাগড় পঞ্চায়ত সভাপতি পূৰ্ণজিত ফুকন আৰু সমাজকৰ্মী অতুল ৰাজকোঁৱৰৰে অংশগ্ৰহণ কৰে।