/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/bb8740d1-711e-4783-a786-56063b8a209c/mathurapur_12.jpg)
mathurapur mathurapur
ডিজিটেল সংবাদ মথুৰাপুৰঃ চৰাইদেউ জিলাৰ মথুৰাপুৰ ছোৱালী উচ্চ ইংৰাজী বিদ্যালয়ত আজি এটা অতিৰিক্ত শ্ৰেণীকোঠাৰ আধাৰশিলা স্থাপন কৰা হয় ৷ অতিৰিক্ত শ্ৰেণীকোঠাৰ আধাৰশিলা আনুষ্ঠানিকভাৱে স্থাপন কৰে ৰজনী গগৈ আৰু জীতেন ৰাজকোঁৱৰৰে ৷
শিক্ষক- শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত এই আধাৰশিলা স্থাপন কৰা হয় ৷শিক্ষা বিভাগৰ তৰফৰ পৰা অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে ২০২১ -২২ বৰ্ষত ৫ লাখ ২৯ হাজাৰ টকা আবন্টন দিয়া হৈছে বুলি প্ৰধান শিক্ষক দিপাংকৰ চেতিয়া জানিবলৈ দিছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us