/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/a51c9c40-85cc-48af-8cec-8c801a75ed3d/mathuarapur.jpg)
mathurapur puja
ডিজিটেল সংবাদ, মথুৰাপুৰঃ চৰাইদেউ মথুৰাপুৰ অঞ্চলৰ একমাত্ৰ দুৰ্গা পূজা থলীলৈ নিশাও আগমণ ঘটিছে বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজৰ। অন্যান্য প্ৰান্তৰ লগতে মথুৰাপুৰতো এতিয়া শাৰদীয় দুৰ্গাপূজাৰ আনন্দ, উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে।
পূজাস্থলীত দিনভাগৰ লগতে সন্ধিয়াৰ পৰা দেৱী দুৰ্গাৰ উপাসনা তথা আশীৰ্বাদ ল'বলৈ ভিৰ কৰিছে জনতাই। ষষ্ঠীৰ বেদীত মা দুৰ্গাৰ প্ৰতিমা স্থাপন কৰা পাছত সোমবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে অষ্টমী পূজা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/ef97f6ed-c9dd-47e9-8f2b-00e239cae4e0/1212121.jpg)
অন্যান্য পূজাস্থলীৰ লগতে মথুৰাপুৰৰ এই পূজালৈ প্ৰতি বছৰে এনেদৰে আগমণ ঘটে ভক্তৰ। বিশেষকৈ নিশা পূজা থলীত বোলছবি প্ৰদৰ্শন ব্যৱস্থা কৰে উদ্যোক্তাই। যাৰ বাবে পূজা কেইদিন নিশা অগণন ৰাইজৰ সমাগম দেখা যায় ৷