/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/28ba644a-8afc-4632-b2e2-eb0892675eaa/mathurapur.jpg)
mathurapur puja
ডিজিটেল সংবাদ, মথুৰাপুৰঃ পূজাৰীৰ মন্ত্রোচ্চাৰণ, আয়তীৰ উৰুলি, ডবা, কাঁহ, শংখৰ ধ্বনিৰ মাজেৰে বেদীত প্রাণ পাই উঠা মহিষমর্দিনীৰ দেওবাৰে মহাসপ্তমী পূজা ৷ সম্পূর্ণ আধ্যাত্মিক পৰিৱেশৰ মাজেৰে অনুষ্ঠিত মহাসপ্তমীৰ পূজা। পূর্বৰ দৰেই পৰম্পৰা ৰক্ষা কৰি এইবাৰো মথুৰাপুৰ অনুষ্ঠিত হৈছে শাৰদীয় দুৰ্গোৎসৱৰ ৷
বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ দুৰ্গা পূজাখন মথুৰাপুৰ চাহ বাগিচাৰ উদ্যোগত অনুষ্ঠিত কৰি অহা হৈছে ৷ কৰ'নাৰ ভয়াৱহতাৰ পিছত পূজা কমিটি, পুৰোহিতৰ লগতে ভক্ত সকলে ব্যাপক উৎসাহ-উদ্দীপনাৰে পূজা অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে ৷
আধ্যাত্মিক পৰিৱেশৰ মাজেৰে দেওবাৰে সপ্তমী পূজা উপলক্ষে ভক্তপ্ৰাণ ৰাইজে ভৰি কৰা লগতে দেৱীক পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে ৷