প্ৰখৰ ৰ’দকো নেওচি মথুৰাপুৰ-চৰাইদেউ বাগিচাত ভোটাৰৰ ভিৰ

প্ৰখৰ ৰ’দকো নেওচি মথুৰাপুৰ-চৰাইদেউ বাগিচাত ভোটাৰৰ ভিৰ

author-image
asomiyapratidin
New Update
প্ৰখৰ ৰ’দকো নেওচি মথুৰাপুৰ-চৰাইদেউ বাগিচাত ভোটাৰৰ ভিৰ

ডিজিটেল সংবাদ, মথুৰাপুৰঃ বৃহস্পতিবাৰে আৰম্ভ হোৱা প্ৰথম পৰ্যায়ৰ আসন্ন লোকসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়াত বাগিচাৰ অঞ্চলৰ ভোটাৰৰ বিপুল সঁহাৰি দেখা গৈছে৷ যোৰহাট লোকসভা সমষ্টিৰ অন্তগৰ্ত নাজিৰা বিধানসভাৰ সমষ্টি মথুৰাপুৰ চাহ বাগিচাৰ লগতে ইয়াৰ অধীনৰ মাইবেলা আৰু নিমনাগড় খণ্ডৰ শ্ৰমিক ৰাইজে পুৱাৰে পৰা প্ৰখৰ ৰ'দকো নেওচি ভোটগ্ৰহণ কেন্দ্ৰত দীঘলীয়া শাৰী পতা পৰিলক্ষিত হয়৷

পুৱাৰে পৰা আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়াত ভোটাৰে অতি উৎসাহ উদ্দীপনাৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে৷ উল্লেখ্য যে, মথুৰাপুৰ চাহ বাগিচাৰ ১৫৩ নং ভোটগ্ৰহণ কেন্দ্ৰটোৰ ই ভি এম মেচিনটো বিসংগতি হোৱাত দুঘণ্টা পলমকৈ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয়৷ ইফালে চৰাইদেউ পৰ্বত চাহ বাগিচাটো পুৱাই পৰা ভোটগ্ৰহণ কেন্দ্ৰ লৈ ভোটাৰসকলে গৈ ভোটদান সাব্যস্ত কৰিছে।