/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/mathurapur.jpg)
ডিজিটেল সংবাদ,মথুৰাপুৰ : ভাৰতীয় ষ্টেট বেংকৰ চৰাইদেউ জিলাৰ মথুৰাপুৰত থকা শাখাটো অতি ষড়যন্ত্ৰমুলক ভাবে এটা চক্ৰই উঠাই নিবলৈ চেষ্টা চলোৱা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত বিভিন্ন দ'ল সংগঠনৰ লগতে গ্ৰাহকৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷
উল্লেখ যোগ্য যে শেষতিয়াকৈ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ উৰ্দ্ধতন কতৃপক্ষই ব্যয় সংকোচন নীতিৰ আধাৰত মথুৰাপুৰ শাখাৰ কাৰ্যালয়তো মাইবেলাস্থিত লাকুৱা শাখাৰ সৈতে সংলগ্ন কৰিব বিছাৰিছে। মথুৰাপুৰস্থিত এই শাখাটোত বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ উপৰিও ইয়াৰ দাঁতিকাষৰীয়া নিমনাগড় চুকাফা , এঙেৰা,টেঙাপুখুৰী আদি অঞ্চলৰ ৰাইজৰ বিত্তীয় লেনদেন কৰা একমাত্ৰ বিত্তীয় প্ৰতিষ্ঠান ৷
ইয়াৰোপৰি মথুৰাপুৰ চাহ বাগিছাৰ তিনিহাজাৰোধিক চাহ শ্ৰমিকৰ পষেকীয়া দৰমহাৰকে ধৰি চৰকাৰী চাকৰিয়াল,ব্যৱসায়ী সকলে বিত্তীয় লেনদেন এই বেংকটো ওপৰতে নিৰ্ভৰ কৰে।তেনেস্থলত মথুৰাপুৰ ষ্টেট বেংকৰ শাখাটোৰ কাৰ্যালয়তো মাইবেলাস্থিত লাকুৱা শাখাৰ সৈতে সংলগ্ন কৰিলে গ্ৰাহক সকল যথেষ্ট অসুবিধা সৃষ্টি হোৱা লগতে হাৰাশাস্তি সন্মুখীন হ'বলগীয়া হব ৷
আনহাতে এটা বৃহৎ এলেকাৰ জনসাধাৰণৰ অজ্ঞাতে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ উৰ্দ্ধতন কতৃপক্ষই অতি সংগোপনে মথুৰাপুৰ অঞ্চলৰ পৰা শাখাটো স্থানান্তৰকৰণ কৰিব বিচৰাত কাৰ্যত বেংকটো গ্ৰাহক লগতে স্থানীয় দল- সংগঠন ক্ষুব্ধ হৈ পৰিছে ৷ কোনো কাৰণে বেংকটো শাখাটি স্থানান্তৰকৰণ কৰিবলৈ দিয়া নহব বুলি স্পষ্ট কৰি দিছে ৷