আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মথুৰাপুৰ ব'হাগী বিদায় উৎসৱ...

আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মথুৰাপুৰ ব'হাগী বিদায় উৎসৱ...

ডিজিটেল সংবাদ, মথুৰাপুৰঃ বৃহত্তৰ মথুৰাপুৰবাসী ৰাইজৰ সম্মিলিত প্রচেষ্টাত মথুৰাপুৰ ৰাজহুৱা খেলপথাৰত আজিৰে পৰা দুদিনীয়াকৈ মথুৰাপুৰ ৰাজহুৱা খেলপথাৰত প্ৰয়াত অজিত খাউণ্ড সোঁৱৰণি সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে পঞ্চদশ বার্ষিক ব'হাগী বিদায় উৎসৱ ৷ এই উপলক্ষে পুৱা সমূহীয়া পৰিৱেশ নিকাকৰণ কাৰ্যসূচীৰ পাছত প্রয়াত দিপালী বৰুৱা সোঁৱৰণী মুখ্য তোৰণৰ শুভ উন্মোচন কৰ কল্প বৰুৱাই ৷

স্থায়ী বিহু কমিটিৰ সভাপতি জৈন কুমাৰ চেতিয়া, উদযাপন সমিতিৰ সভাপতি প্ৰণৱ বৰগোহাঁই আৰু পঞ্চদশ বার্ষিক ব'হাগী বিদায় উৎসৱ উপলক্ষে ১৫ খনকৈ জ্যেষ্ঠ নাগৰিকৰ দ্বাৰা বিহুৱান উত্তোলন হয়। ইয়াৰ পাছত স্থায়ী বিহু কমিটিৰ সম্পাদক পূর্ণজিৎ ফুকন আৰু উদযাপন সমিতিৰ সম্পাদক দ্বীপেন ফুকনে স্মৃতি তর্পণ কাৰ্যসূচী মুকলি কৰাৰ পাচতেই পৰ্যায়ক্ৰমে গছপুলি ৰোপণ আৰু 'বৰদেউতাৰ আশীৰ্বাদ' শীর্ষক সম্বর্ধনা অনুষ্ঠান অনুষ্ঠিত হয় ।

য’ত অঞ্চলটোৰ কেইবাজনো বয়োজ্যেষ্ঠ পুৰুষ-মহিলাক সম্বৰ্ধনা জনোৱা লগতে সমূহীয়া কৈ বিহুৰ জলপান গ্ৰহণ কৰে ৷ দুপৰীয়া 'প্রয়াত ৰাধু চৌধুৰী সোঁৱৰণত' চিত্রাংকন, ৰচনা আৰু কবিতা আবৃত্তি প্রতিযোগিতা অনুষ্ঠিত হয়। বিহুৰ সৈতে সংগতি ৰাখি বিহুতলীত প্রাচীৰ পত্ৰিকা "ব'হাগী" উন্মোচন কৰা হয় ৷ বিয়লি সৃষ্টি চাহ উদ্যোগৰ স্বত্বাধিকাৰ ৰিংকুমণি বৰদলৈয়ে প্রয়াত সত্যজিৎ বৰদলৈ সোঁৱৰণী মঞ্চ উদ্বোধন কৰা ইয়াৰ পাছত আমন্ত্ৰিত হুঁচৰি, জেং বিহু দলৰ অনুষ্ঠান উদ্বোধন কৰে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যাপিকা মনোৰমা ফুকন বৰগোহাঁয়ে।

নিশালৈ স্থানীয় শিল্পীৰ দ্বাৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব। কাইলৈ পুৱা পৰিৱেশ নিকাকৰণৰ পাছত দিনৰ ১১ বজাত কণী যুঁজ প্রতিযোগিতা, ১ বজাত ঢোল বাদন আৰু বিহু নাম প্রতিযোগিতা আৰু সন্ধিয়া "উত্তৰণ” এক বিশেষ সম্বর্ধনা আৰু বঁটা অনুষ্ঠান অনুষ্ঠিত হব। ইয়াৰ পাছত সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব। ইয়াত জনপ্রিয় কণ্ঠশিল্পী লক্ষী চন্দ্ৰৰ সংগীতানুষ্ঠান আৰু জনপ্রিয় অভিনেত্রী বিউটি বাইলুং আৰু অভিনেতা বিদুৰভায়ে অনুষ্ঠান পৰিবেশন কৰিব।

X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in