/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/mathurapur-2.jpg)
ডিজিটেল সংবাদ, মথুৰাপুৰঃ চৰাইদেউ জিলাৰ বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ বাটকটীয়া স্বৰূপ মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে শনিবাৰে দিনজোৰা কৰ্যসূচীৰে ৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে ৷ ১৯৪৭ চনতে প্ৰতিষ্ঠা হোৱা প্ৰয়াত প্ৰফুল্ল চন্দ্ৰ বৰঠাকুৰ আৰু কেইগৰাকীমান সহযোগীৰ দূৰদৰ্শী চিন্তাৰ ফচল মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে গৌৰৱোজ্জ্বল ৭৫ টা বৰ্ষত সম্পূৰ্ণ কৰাৰ মুহুৰ্তত শনিবাৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী লগতে শুভাকাংক্ষী ৰাইজৰ সহযোগত প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰে।
এই উপলক্ষে পুৱা বিদ্যালয়ৰ পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে অধ্যক্ষা ড° গীতিমনি হাটিকাতিয়ে ৷ ইয়াৰ পিছতে বিদ্যালয়খনৰ প্ৰতিষ্ঠা কালৰ প্ৰয়াত শিক্ষক সকলৰ প্ৰতিছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। এই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী মুকলি কৰে বিদ্যালয় তোৰণৰ দাতা পৰিয়ালবৰ্গই হৈ সমাজকৰ্মী শশীন খাউণ্ড আৰু প্ৰাক্তন ছাত্ৰ আলিম আহমেদে ৷
দুপৰীয়া প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি এখনি মুকলি সভা আয়োজন কৰা হয় ৷ য'ত বিদ্যালয় প্ৰতিষ্ঠা কালৰ পৰা শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰা শিক্ষক-শিক্ষয়িত্ৰী সকলক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয় ৷ প্ৰাক্তন ছাত্ৰৰ পৰা আৰম্ভ কৰি সদ্য প্ৰাক্তন ছাত্ৰলৈকে উপস্থিত থকা সভাত অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীয়ে নিজৰ অভিজ্ঞতাৰ বিষয়ে কৈ নষ্টালজিক হৈ পৰে।
একেদৰে বহুতো প্ৰাক্তন ছাত্ৰইও নিজৰ স্কুলীয়া দিনবোৰ স্মৰণ কৰি আৱেগিক হৈ পৰা দেখা যায় ৷ ইয়াৰ পূৰ্বে শিক্ষানুষ্ঠানৰ ছাত্ৰীসকলে এটি সমবেত সংগীত পৰিবেশ কৰে ৷ ইফালে সন্ধিয়া শিক্ষানুষ্ঠান খনে ৭৫ বছৰ সম্পূৰ্ণ কৰা এই বৰ্ণিল যাত্ৰাক সশ্ৰদ্ধভাৱে স্মৰণ কৰি বিদ্যালয়ৰ পৰিয়াল, প্ৰাক্তন ছাত্ৰ- ছাত্ৰী, শুভাকাংক্ষী ৰাইজৰ উপস্থিতিত ৭৫ গছি বন্তি প্ৰজ্বলনেৰে প্ৰতিষ্ঠা দিৱসৰ সামৰণি পৰে ৷