
ডিজিটেল ডেস্কঃ বন বিভাগৰ চকুৰ সন্মুখতে ডিমা হাছাওত চলিছে বন ধ্বংসৰ অভিযান। ডিমা হাছাও জিলাৰ ডিউংব্ৰা অঞ্চলত বন বিষয়া, বন বিভাগৰ চেক গেটৰ উপৰিও তহলদৰাকী বন কৰ্মীৰ উপস্থিতি স্বত্বেও অবাধে বন ধ্বংস কৰি চোৰাং কাঠৰ সৰবৰাহ চলি আছে।
লংকা- উমৰাংচু পথৰ দাঁতিত থকা গছবোৰ কাটি তহিলং কৰিছে একাংশ অসাধু চক্ৰই। উল্লেখ্য যে, পূৰ্বৰে পৰা এন চি হিলছত অবাধে চলি আহিছে বন ধ্বংস অভিযান।
কিন্তু সময় বাগৰাৰ লগে লগে এই অবাধ বন ধ্বংসৰ সংখ্যা আৰু অধিক বৃদ্ধি পাইছে। সেইজীয়া পাহাৰৰ গছবোৰ কাটি তহিলং কৰিছে একাংশই। কেৱল সেয়াই নহয়, অবৈধ কাঠ ব্যৱসায়ীয়ে স্থাপন কৰি লৈছে অবৈধ কাঠ ফলা মিল।
এই অবৈধ কাঠ ফলা মিল কেইটা বৰ্তমানৰ নিৰ্বাচিত প্ৰতিনিধি আৰু উচ্চ পদস্থ বিষয়াৰ আশীৰ্বাদতে চলি আছে।এইসকল আকৌ বৰ্তমানৰ চিইএম ডেবোলাল গৰ্লোচাৰ আশীৰ্বাদপুষ্ট।
মন কৰিবলগীয়া যে ডিয়ুংব্ৰাৰ প্ৰাক্তন ফৰেষ্ট ৰেঞ্জ অফিচাৰ নৰেন দাওলগাপুৰ কাৰ্যকালত সৰ্বাধিক বৃক্ষ ৰোপণ হৈছিল যদিও বৰ্তমানৰ বন বিষয়াগৰাকীয়ে সেইবোৰ সংৰক্ষণ কৰাটো দূৰৰে কথা অবৈধ ব্যৱসায়ীৰ লগ লাগি বনাঞ্চল ধ্বংসতহে গুৰুত্ব দিছে। শীঘ্ৰেই যদি এইবোৰ কাৰ্যকলাপ হ্ৰাস নহয় তেনে সেউজীয়া পাহাৰখন ধ্বংস হৈ পৰাটো নিশ্চিত।