ৰঙিয়াত বিধ্বংসী অগ্নিকাণ্ড

দৰ্জা ভাঙি শিশুক উদ্ধাৰ
ৰঙিয়াত বিধ্বংসী অগ্নিকাণ্ড

ডিজিটেল সংবাদ,ৰঙিয়া : ৰঙিয়াত মঙলবাৰে সন্ধিয়া সময়ত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। চহৰখনৰ ৫ নং ৱাৰ্ডত সংঘটিত এই অগ্নিকাণ্ডত এটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হৈ পৰে।

ঘটনাৰ বিৱৰণী অনুসৰি ৫ নং ৱাৰ্ডৰ বাসিন্দা দিম্বেশ্বৰী বনিয়া নামৰ মহিলাগৰাকীৰ ঘৰত মম জ্বলাই ৰাখিছিল। সেই মমৰ জুইৰ লেলিহান শিখাই নিমিষতে ছানি ধৰিছিল যদিও ঘৰটোৰ ভিতৰত আবদ্ধ হৈ থকা শিশু,আবাল বৃদ্ধাসহ ৩ গৰাকী লোকক উদ্ধাৰ কৰে।

ইফালে ঘৰৰ ভিতৰত জুইয়ে ছানি ধৰাত স্থানীয়লোকে দৰ্জা ভাঙি প্ৰৱেশ কৰি শিশুটিক উদ্ধাৰ কৰাৰ লগতে অগ্নিদগ্ধ হোৱা শতায়ু গৰকা বৃদ্ধাগৰাকীক ততালিকে সংকটজনক অৱস্থাত মালবাহী বাহনযোগে হাস্পতাললৈ প্ৰেৰণ কৰা হয়। এই ঘটনাৰ পিছতে স্থানীয় লোকে ৰঙিয়া আৰক্ষীক জনায়।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ লগে লগে ৰঙিয়াৰ অগ্নিনিৰ্বাক বাহিনীক খবৰ দিয়ে। পিছত অগ্নিনিৰ্বাক বাহিনীৰ ২ খনকৈ গাড়ী আহি দলটোৱে জুই নুমুৱাবলৈ সক্ষম হয়।

সমগ্ৰ অগ্নিকাণ্ডৰ সূত্ৰপাত মমৰ জুইৰ পৰা সংঘটিত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । অৱশ্যে ভয়ংকৰ অগ্নিকাণ্ডটোত ওচৰ চুবুৰীয়াৰ কোনো লোকৰ ঘৰ ক্ষতিগ্ৰস্ত হোৱা নাই ।

ৰঙিয়াত বিধ্বংসী অগ্নিকাণ্ড
অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰফুল্ল শৰ্মা আৰু নাই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in