নগাঁৱৰ কচুৱা বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

পুৱা নগাঁৱৰ কচুৱা বজাৰত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণকৈ ভস্মীভূত হয় তিনিখনকৈ দোকান । শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সুত্ৰপাত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।

author-image
Asomiya Pratidin
New Update
জাহ গ'ল তিনিখন দোকান

জাহ গ'ল তিনিখন দোকান

ডিজিটেল সংবাদ, কামপুৰ: পুৱা নগাঁৱৰ কচুৱা বজাৰত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণকৈ ভস্মীভূত হয় তিনিখনকৈ দোকান । শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সুত্ৰপাত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। আক্ৰাম হুচেইনৰ টেন্ট হাউচ,চফিকুৰ ৰহমানৰ কচমেটিক্স দোকান আৰু জাকিৰ হুছেইনৰ হলচেল গেলামালৰ দোকান এই অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণ ভস্মীভূত হয়।

ঘটনাস্থলীত কচুৱা আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ গাড়ীৰে জুই নিৰ্বাপন কৰা হয়। অগ্নিকাণ্ডত প্ৰায় সত্তৰ লাখ  টকাৰ সা-সম্পত্তি জুইত জাহ যায়। ইফালে বৃহত্তৰ কচুৱা অঞ্চলত এখন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী মজুত ৰাখিবলৈ বিধায়ক তথা চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজে।

বিধ্বংসী অগ্নিকাণ্ড অগ্নিকাণ্ড