মহানগৰীৰ ISUZU-বেনেলি শ্ব'ৰুমত বিধ্বংসী অগ্নিকাণ্ডঃ ৬ খন বেনেলি বাইক আৰু ৪ খন ISUZU বাহন ভস্মিভূত...

পুৱতি নিশা মহানগৰীত সংঘটিত হ'ল এক বিধ্বংসী অগ্নিকাণ্ড।

author-image
Asomiya Pratidin
New Update
মহানগৰীৰ ISUZU-বেনেলি শ্ব'ৰুমত বিধ্বংসী অগ্নিকাণ্ডঃ ৬ খন বেনেলি বাইক আৰু ৪ খন ISUZU বাহন ভস্মিভূত...

ডিজিটেল ডেস্কঃ পুৱতি নিশা মহানগৰীত সংঘটিত হ'ল এক বিধ্বংসী অগ্নিকাণ্ড। মহানগৰীৰৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ বালুঘাটত থকা ISUZU ৰ শ্ব'ৰূমত সংঘটিত হৈছে এই অগ্নিকাণ্ড।

ISUZU-বেনেলি শ্ব'ৰুমত সংঘটিত হোৱা এই অগ্নিকাণ্ডত ৪ খন ISUZU বাহন আৰু ৬ খন বেনেলি বাহন অগ্নিকাণ্ডত ভস্মিভূত হৈছে। জানিব পৰা মতে প্ৰায় ১০ কোটি টকাৰ সম্পত্তি ধ্বংস হৈছে এই অগ্নিকাণ্ড।

ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন উপস্থিত হৈ অগ্নি নিৰ্বাপনৰ ব্যৱস্থা কৰিছে। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

assam guwahati