/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/AHSEC-1.jpg)
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ঘোষণা হোৱা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফলক লৈ সৃষ্টি হৈছে বিতৰ্ক। কিয়নো ফলাফল ঘোষণাৰ পিছতে বহু বিসংগতি পোহৰলৈ আহিছে। এজন পৰীক্ষাৰ্থীক দুখনকৈ মাৰ্কশ্বিট দিয়াৰ লগতে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক দ্বিতীয় বিভাগ প্ৰদান কৰাকে ধৰি অনেক বিসংগতিয়ে দেখা দিছে।
প্ৰাপ্ত তথ্য অনুসৰি সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত এজন ছাত্ৰই ইংৰাজীত ৩৮, অসমীয়াত ৪৭, বিজনেছ ষ্টাডিজত ৪৫, ফাইনেন্সত ৪১ আৰু আই টি ই এছত ৮০ নম্বৰ লাভ কৰে। এই ৭ পাঁচটা বিষয়ত ছাত্ৰজনে লাভ কৰা মুঠ নম্বৰ হ'ব লাগে ২৫১। এই নম্বৰেৰে ছাত্ৰজনে লাভ কৰিব লাগে দ্বিতীয় বিভাগ। কিন্তু সংশ্লিষ্ট ছাত্ৰজনৰ মার্কশ্বিটত ১৯০ লাভ কৰা দেখুৱাই তেওঁক তৃতীয় স্থান দিয়া হৈছে।
আচলতে উচ্চতৰ মাধ্যমিকত এজন ছাত্ৰই ছটা বিষয়ৰ পৰীক্ষাত অৱতীর্ণ হ'ব লাগে আৰু যিটোতে আটাইতকৈ কম নম্বৰ লাভ কৰে সেই বিষয়টোকে নি অতিৰিক্ত বিষয় হিচাপে গণ্য কৰা হয়। অতিৰিক্ত বিষয়ৰ নম্বৰ নিয়ম অনুসৰি মাৰ্কশ্বিটত যোগ নহয়। সেই অনুসৰি সংশ্লিষ্ট ছাত্ৰজনে অতিৰিক্ত বিষয় একাউন্টেন্সিত লাভ কৰিছিল ১৯ নম্বৰ। কিন্তু আশ্চর্যজনকভাৱে ছাত্ৰজনৰ মাৰ্কশ্বিটত এই ১৯ নম্বৰ যোগ হোৱাৰ বিপৰীতে বাদ পৰি ৰ'ল আই টি ই এছত লাভ কৰা ৮০ নম্বৰ।
নম্বৰ যোগৰ ক্ষেত্ৰত হোৱা এনে বিসংগতিৰ পৰিণতিত ছাত্ৰজনে ২৫১ নম্বৰৰ পৰিবৰ্তে ১৯০ নম্বৰ লাভ কৰি দ্বিতীয় বিভাগৰ পৰিবৰ্তে তৃতীয় বিভাগহে লাভ কৰে। আন এগৰাকী ছাত্ৰীয়েও শিক্ষা সংসদৰ ভুলৰ পৰিণতিত প্ৰথম বিভাগৰ পৰিবৰ্তে দ্বিতীয় বিভাগ লাভ কৰে। তিমুং উপাধিৰ এই ছাত্ৰীগৰাকীয়ে ছটা বিষয় ক্রমে ইংৰাজীত ৬৪, বিকল্প ইংৰাজীত ৭১, একাউণ্টেন্সিত ২৫, বিজনেছ ষ্টাডিজত ৬৫, ফাইনেন্সত ৪৭ আৰু চি এছ চি এত ৭৪ নম্বৰ লাভ কৰিছিল।
একাউণ্টেন্সিত লাভ কৰা ২৫ নম্বৰটোক বাদ দি ছাত্ৰীগৰাকীয়ে বাকী বিষয়কেইটাত লাভ কৰা মুঠ নম্বৰ হ'ব লাগে ৩২১। আশ্চর্যজনক ভাৱে ছাত্ৰীগৰাকীয়ে ২৭২ নম্বৰ লাভ কৰা দেখুৱাই তেওঁক দ্বিতীয় বিভাগ পোৱা দেখুওৱা হৈছে। এনেদৰে বহু শিক্ষাৰ্থীৰ মাৰ্কশ্বিটত আটাইতকৈ বেছি পোৱা নম্বৰটো বাদ পৰাৰ বিপৰীতে অতিৰিক্ত বিষয়ৰ নম্বৰ, অৰ্থাৎ আটাইতকৈ কম নম্বৰ লাভ কৰা বিষয়টো নম্বৰ তালিকাত যোগ হোৱা দেখুওৱা গৈছে।
আনকি বিষয়ত লাভ কৰা নম্বৰসমূহ যোগ কৰাৰ খেলিমেলিৰ পৰিণতিত তৃতীয় বিভাগত হলেও উত্তীর্ণ হ'বলগা শিক্ষার্থী অনুত্তীৰ্ণ হোৱাৰ গুৰুতৰ তথ্য পোহৰলৈ আহিছে। আনহাতে সদ্যঘোষিত ফলাফলত ১৭৩, ১৭৪ মুঠ নম্বৰ লাভ কৰা শিক্ষার্থীও উত্তীৰ্ণ হোৱাৰ বিপৰীতে ১৮৯ নম্বৰ পোৱা শিক্ষার্থীও অনুত্তীৰ্ণ হৈছে। শিক্ষা সংসদৰ ফলাফল ঘোষণাৰ ক্ষেত্ৰত এনে বিসংগতিক লৈ শিক্ষার্থী, অভিভাৱকসকলে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে।
আনহাতে এগৰাকী ছাত্ৰীয়ে দুটা পৃথক ৱেবছাইটত ফলাফ চোৱাত তেওঁৰ নামত দুখনকৈ মাৰ্কশ্বিট প্ৰত্যক্ষ কৰিছে। তিতাবৰৰ মহিমাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক বীৰ বাহাদুৰ প্ৰসাদৰ কন্যা মেহেক প্ৰসাদে তিতাবৰৰ প্ৰাগজ্যোতিকা শিক্ষা প্ৰতিষ্ঠানৰ পৰা বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।
২৭ জুনৰ ফলাফল প্রকাশ পোৱাৰ দিনা ছাত্ৰীগৰাকীয়ে ম'বাইলৰ জৰিয়তে এটা ৱেবছাইটত তেওঁৰ নাম, পৰীক্ষাৰ চেণ্টাৰ নম্বৰ, ৰেজিষ্ট্ৰেচন নম্বৰ আৰু ৰোল নম্বৰৰ বিপৰীতে প্রথম বিভাগত উত্তীর্ণ হোৱা তথ্য লিপিবদ্ধ থাকে। সেই অনুসৰি ছাত্ৰীগৰাকীয়ে ইংৰাজীত ৮০, ঐচ্ছিক ইংৰাজীত ৮৩, পদার্থ বিজ্ঞানত ৭২, ৰসায়ন বিজ্ঞানত ৫৭, জীৱ বিজ্ঞানত ৪৭ আৰু গণিতত ৫৩ নম্বৰেৰে সৰ্বমুঠ ৩৪৮ নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা বুলি নিশ্চিত হয়।
কিন্তু ছাত্ৰীগৰাকীৰ অভিভাৱকে ছাত্ৰীগৰাকীয়ে অধ্যয়ন কৰা প্রাগজ্যোতিকা শিক্ষা প্ৰতিষ্ঠানৰ পৰা উত্তীৰ্ণৰ প্ৰমাণপত্ৰ আনিবলৈ গৈ হতভম্ব হোৱাই নহয়, শিক্ষা সংসদৰ গুৰুতৰ বিসংগতিও পোহৰলৈ আহে। কিয়নো বিদ্যালয় কৰ্তৃপক্ষই ৱেবছাইটৰ পৰা ডাউনলোড কৰি ছাত্ৰীগৰাকীৰ অভিভাৱকক যিখন মার্কশ্বিট যোগান ধৰিছে সেই মার্কশ্বিটখনৰ লগতে পূৰ্বতে লাভ কৰা মার্কশ্বিটখনৰ আকাশ-পাতাল প্রভেদ পৰিলক্ষিত হয়।
ছাত্ৰীগৰাকীয়ে নিজে ম'বাইলৰ জৰিয়তে ডাউনলোড কৰা মার্কশ্বিটখনত প্রথম বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে বিদ্যালয় কর্তৃপক্ষই যোগান দিয়া মার্কশ্বিটখনত ছাত্ৰীগৰাকী দ্বিতীয় বিভাগতহে উত্তীর্ণ হোৱা বুলি উল্লেখ আছে। তদুপৰি নম্বৰ তালিকাৰো ব্যাপকভাৱে অমিল দৃষ্টিগোচৰ হয়।
ছাত্ৰীগৰাকীক বিদ্যালয় কৰ্তৃপক্ষৰ পৰা যোগান ধৰা মার্কশিটখনত পূৰ্বতে ডাউনলোড কৰা মার্কশ্বিটখনৰ ইংৰাজীৰ ৮০ নম্বৰৰ বিপৰীতে ৪৯ নম্বৰ, ঐচ্ছিক ইংৰাজীত ৮৩ নম্বৰৰ বিপৰীতে ৪০ নম্বৰ, পদার্থ বিজ্ঞানত ৭২ নম্বৰৰ বিপৰীতে ৬৬ নম্বৰ, ৰসায়ন বিজ্ঞানত ৫৭ নম্বৰৰ বিপৰীতে ৫৪ নম্বৰ, জীৱ বিজ্ঞানত ৫৬ নম্বৰৰ বিপৰীতে ৪৭ নম্বৰ আৰু গণিতত ৫৩ নম্বৰৰ বিপৰীতে ১২ নম্বৰ বুলি উল্লেখ কৰি সৰ্বমুঠ ২৬৫ নম্বৰহে লাভ কৰা বুলি সন্নিৱিষ্ট আছে।
শিক্ষা সংসদৰ এই বিসংগতি পোহৰলৈ অহাৰ পিচতে ছাত্ৰীগৰাকীৰ লগতে তেওঁৰ অভিভাৱকসকলো বিপাঙত পৰিছে। স্নাতক পর্যায়ত নামভৰ্তি কৰিবলৈ ছাত্ৰীগৰাকীয়ে প্ৰকৃততে কোনখন মার্কশ্বিটৰ জৰিয়তে নামভৰ্তিৰ বাবে আবেদন কৰিব তাক লৈ বিপাঙত পৰিছে শিক্ষাৰ্থীগৰাকীৰ লগতে তেওঁৰ অভিভাৱক। মার্কশ্বিট বিসংগতিৰ বাবে ছাত্ৰীগৰাকীয়ে কোনটো বিষয়ত মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰিব তাক লৈয়ো ভীষণ অসন্তুষ্টি প্ৰকাশ কৰিছে।
ছাত্ৰী গৰাকীৰ অভিভাৱকগৰাকীয়ে দাবী কৰা অনুসৰি তেওঁৰ কন্যাগৰাকীৰ নামৰ বিপৰীতে শিক্ষা সংসদে প্ৰকাশ কৰা দুখন পৃথক মার্কশ্বিটৰ ভিতৰত ছাত্ৰীগৰাকীৰ শৈক্ষিক জীৱনত ব্যাঘাত নোহোৱাকৈ প্ৰকৃততে কোনখন সত্য আৰু শুদ্ধ সেই কথাত শিক্ষা সংসদে এটা স্পষ্টীকৰণ দিব লাগে বুলিও দাবী জনাইছে।