/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/6684b6c7-c72a-4f9e-8667-9f15911028d9/tribute.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : জাতীয় দায়বদ্ধতাৰে নায্যপ্ৰাপ্য আদায়ৰ স্বাৰ্থত গণতান্ত্ৰিক সংগ্ৰামত সক্ৰিয় অংশগ্ৰহণ কৰি প্ৰাণাহুতি দিয়া সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰথম গৰাকী শ্বহীদ দিলীপ চক্ৰৱৰ্তীৰ সশ্ৰদ্ধ স্মৃতিত মঙ্গলবাৰে সমগ্ৰ ৰাজ্য জুৰি কৰ্মচাৰী পৰিষদে পালন কৰি আহিছে শ্বহীদ দিৱস । ১৯৮৩ চনৰ ১ অক্টোবৰত অসম চৰকাৰৰ সচিবালয়ত অহিংস গণ সংগ্ৰামত সক্ৰিয় অংশগ্ৰহণ কৰাৰ ক্ষণত শাসক বাহিনীৰ নিৰ্বিচাৰ গুলীত মৃত্যু বৰণ কৰা এই গৰাকী দেশ ভক্ত শ্বহীদ কৰ্মচাৰীৰ আত্মোৎসৰ্গাৰ সশ্ৰদ্ধ স্মৰণেৰে মঙ্গলবাৰে ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত কৰ্মচাৰী ভৱন প্ৰাংগণত শ্বহীদ দিৱসটো পালন কৰা হয়।
ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ স্থায়ী কাৰ্য্যালয় প্ৰাংগণত এই সন্দৰ্ভত পুৱা পৰিষদৰ পতাকা কৰে জিলা সভাপতি অতুল চুতীয়াই । জিলা কৰ্মচাৰী পৰিষদৰ উপ সভাপতি জিতেন দাস, সম্পাদক সুনীল দত্ত, সহকাৰী সাধাৰণ সম্পাদক জিতু কুমাৰ বৰা, ভবেন বৰগোঁহাই, সাংগঠনিক সম্পাদক মিন্টু গগৈ আদি গৰিষ্ঠ সংখ্যক কৰ্মকর্তাৰ উপস্থিতিত জিলা পৰিষদৰ উপদেষ্টা তথা প্ৰাক্তন ৰাজ্যিক সদস্য ললিত দাসে শ্বহীদ বেদীত ধূপ, বন্তি প্ৰজ্বলনেৰে পুষ্প মাল্য প্ৰদান কৰি শ্বহীদ তৰ্পণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আৰু সংগ্ৰামী শ্বহীদ গৰাকীৰ সশ্ৰদ্ধ স্মৰণ কৰে।
কৰ্মচাৰী শ্বহীদ দিলীপ চক্ৰৱৰ্তী অমৰ হওক, সদৌ অসম কৰ্মচাৰী পৰিষদ জিন্দাবাদ , ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদ জিন্দাবাদ আদি শ্লোগান দি সৰ্বশেষত শ্বহীদ গৰাকীৰ বিদেহী আত্মাৰ সদগতিৰ অৰ্থে এক মিনিট মৌন প্ৰাৰ্থনা কৰি দিৱসৰ সামৰণি মৰা হয় ।